spot_img
16 C
Guwahati
16 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeআঞ্চলিকদাৰিদ্ৰ! এসময়ত খেলিছিল দেশৰ হৈ, এতিয়া জাতীয় দলৰ ব্লেজাৰ নিলাম কৰিব এইগৰাকী...

দাৰিদ্ৰ! এসময়ত খেলিছিল দেশৰ হৈ, এতিয়া জাতীয় দলৰ ব্লেজাৰ নিলাম কৰিব এইগৰাকী ফুটবলাৰে…

ডিজিটেল ডেস্ক : এসময়ত তেওঁৰ পদছন্দই শিহৰণ তুলিছিল খেলপথাৰত। সকলোকে চমকিত কৰি তেওঁৰ দুভৰিৰ যাদুত টাকুৰি-ঘূৰাদি ঘূৰিছিল ফুটবলটোৱে। গেলাৰীভৰ্তি দৰ্শকে এদিন সমস্বৰে চিঞৰি উঠিছিল দেবুদা… দেবুদা… দেবুদা…, সেই দেবুদা এতিয়া এলাগী। এদিন সেউজ ঘাঁহনি শিহৰণ তোলা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবলাৰগৰাকী এতিয়া নিষ্প্ৰভ-নিষ্প্ৰাণ। চৰম দাৰিদ্ৰই তেওঁক একপ্ৰকাৰ কৰি তুলিছে কোঙা। উপায়ন্তৰ হৈ তেওঁ এক হৃদয়বিদাৰক কাম কৰিবলৈ আগবাঢ়িছে। জলাঞ্জলি দিবলৈ স্বাভিমান। নিজৰ নালাগে ভাৰাঘৰত থাকিবলৈও সম্বল নোহোৱা এইগৰাকী ফুটবলাৰ বাবে এটা এথলেটিক ক্লাবেই হৈ পৰিছে ঠিকনা। নিজৰ সহ্যাতীত দাৰিদ্ৰ্যৰ বোজা লাঘৱ কৰিবলৈ তেওঁ এতিয়া নিলাম কৰিবলৈ ওলাইছে যিকোনো এজন খেলুৱৈৰ বাবে গৌৰৱৰ আকৰস্বৰূপ জাতীয় দলৰ ব্লেজাৰ।


ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰা এইগৰাকী প্ৰাক্তন ফুটবলাৰ হৈছে দেৱাশীষ ৰয়। ৰাষ্ট্ৰীয় ফুটবল দলক প্ৰতিনিধিত্ব কৰা এইগৰাকী খেলুৱৈৰ সকলো খ্যাতি আৰু গৰিমা এতিয়া ম্লান কৰি পেলাইছে চৰম দৰিদ্ৰতাই। গুৱাহাটীৰ ছানৰাইজ এথেলেটিক ক্লাব আজি তেওঁৰ ঠিকনা হৈ পৰিছে। ফুটবলৰ আজন্ম প্ৰেমিকজনে এদিন কৰিমগঞ্জৰ নিজা ঘৰ এৰি গুৱাহাটীত থিতাপি লৈছিল। এতিয়া প্ৰশিক্ষক হিচাপে বিভিন্ন ক্লাবত প্ৰশিক্ষণ প্ৰদান কৰিয়েই জীৱন ৰথ চলাই নিছে এসময়ৰ জনপ্ৰিয় ফুটবলাৰগৰাকীয়ে। আজি দৰিদ্ৰতাই কোঙা কৰি পেলোৱা এইগৰাকী দেৱাশীষ ৰায়ৰ ক্ৰীড়া জীৱনটো আছিল গৰিমাময় অভিজ্ঞতাৰে সমৃদ্ধ। নিজৰ কেৰিয়াৰৰ ঈর্ষণীয় সফলতাৰে চিৰদিনলৈ তেওঁ ভাৰতীয় ফুটবল মানচিত্ৰত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হৈছিল। অসমৰ ফুটবলকো তেওঁ নিজৰ সফলতা আৰু খ্যাতিৰে নতুন মাত্ৰা দিবলৈ সক্ষম হৈছিল।


এইগৰাকী দেৱাশীষ ৰায়ৰ জন্ম হৈছিল ১৯৫৪ চনৰ ২ ডিচেম্বৰত কৰিমগঞ্জত। সৰুৰে পৰাই ফুটবল খেলিবলৈ লোৱা দেৱাশীষ ৰয়ে পুলক লাহিড়িৰ অনুৰোধত ১৯৭৩ চনত যোগ দিয়ে গুৱাহাটী টাউন ক্লাবত। টাউন ক্লাবত আগবঢ়োৱা আকৰ্ষণীয় প্রদর্শনৰ সুবাদতে ৰায়ে ভাৰতীয় জুনিয়ৰ দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰে। অসম দলক সন্তোষ ট্ৰফীত প্ৰতিনিধিত্ব কৰা দেৱাশীষ ৰয়ে ১৯৭৮ চনত কলকাতাৰ এৰিয়ান ক্লাবত যোগ দিয়ে। ১৯৮০ চনত তেওঁ বিখ্যাত মহমেদান স্পৰ্টিং ক্লাবত যোগ দিয়ে। ক্লাবটোৰ হৈ খেলি কলকাতা লীগত তেওঁ শীৰ্ষ স্ক’ৰাৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। ক্লাবটোৰ হৈ তেওঁ জয় কৰে ছিকিমৰ গভৰ্নছ গোল্ড কাপ। লগতে বিদেশী দলক হৰুৱাই তেওঁ জয় কৰে ৰোভাৰ্ছ কাপ। ইয়াৰ পাছতে প্ৰতিভাৱান এইগৰাকী খেলুৱৈয়ে ১৯৭৭ চনত জাতীয় দলৰ জাৰ্চি পিন্ধাৰ সুযোগ লাভ কৰে। সেইবাৰ তেওঁ ভাৰতীয় দলৰ হৈ অংশ লয় কিংছ কাপত।

কেৱল অসমৰ হৈয়েই নহয়, দেৱাশীষ ৰয়ে নিজৰ জীৱন কালত বংগৰ হৈও সন্তোষ ট্ৰফীৰ দৰে সম্ভ্ৰান্ত প্ৰতিযোগিতাত অংশ লয়। ‘৭৯, ‘৮০, ৮২,’৮৩,’৮৪,’৮৫ আৰু ‘৮৬ চনত সন্তোষ ট্ৰফীত বংগক প্ৰতিনিধিত্ব কৰিছিল। বংগৰ হৈ পাঁচবাৰকৈ তেওঁ সন্তোষ ট্ৰফী লাভ কৰে। বংগৰ ফুটবল মানচিত্ৰত চিনাকি হৈ পৰা এইগৰাকী অসম সন্তানে পৰৱৰ্তী সময়ত ইষ্ট বেংগল আৰু মোহন বাগানৰ দৰে সম্ভ্ৰান্ত দল দুটাত যোগ দিয়ে। দল দুটাৰ হৈ বিশেষভাৱে সাফল্য অর্জন কৰিছিল এইগৰাকী অসম সন্তানে।

৫ লাখ টকাত সেই ব্লেজাৰ নিলাম


কিন্তু এনে গৰিমাময় পৰিক্ৰমা অতিক্ৰম অহা খেলুৱৈগকীয়ে জীৱন ধাৰণৰ বাবে তেওঁৰ সাফল্যৰ চিনস্বৰূপ ভাৰতীয় জাতীয় দলৰ ব্লেজাৰটো নিলাম কৰিবলৈ আগবাঢ়িছে। অন্যথা চলিব কিহেৰে? ৫ লাখ টকাত সেই ব্লেজাৰ নিলাম কৰি তাৰে চাৰি লাখ টকাৰে তেওঁ জীৱনটো চলাৰ কথা ভাবিছে। বাকী এক লাখ টকা তেওঁ খৰচ কৰিব খোজে অসমৰ গাঁৱে-ভূঞে থকা প্ৰতিভাৱান ফুটবলাৰক খেলৰ বুট-জাৰ্চী যোগান ধৰাৰ দৰে কামত। চৰম দৰিদ্ৰতাৰ মাজতো তেওঁ ক্ৰীড়াক লৈ নিজৰ দায়বদ্ধতা নপাহৰাটো এক বিশেষভাৱে উল্লেখযোগ্য বিষয়। তেওঁৰ দুৰৱস্থাৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘যোৱা দুবছৰ ধৰি কোচিং বন্ধ হৈ আছে। কোচিং চলি থকা হ’লে অসুবিধা নহ’লহেঁতেন। আনহাতে চৰকাৰে যি পেঞ্চন দিয়ে, সেই পেঞ্চনো মাহে মাহে লাভ কৰা নাই। ফলত আৰু অধিক অসুবিধা হৈছে। সেইবাবে মই এতিয়া ব্লেজাৰটো নিলাম কৰিব বিচাৰিছোঁ। অৰুণাচলৰ এগৰাকী লোকে ইয়াৰ বাবদ ২লাখ টকা দিব বিচাৰিছে যদিও মই ৫ লাখ টকা পালেহে মোৰ কামত আহিব বুলি ভাবিছোঁ।’


দেশক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰা এগৰাকী ফুটবলাৰে এনেদৰে জাতীয় দলৰ ব্লেজাৰ নিলাম কৰিবলৈ ওলোৱাটো চৰম দুৰ্ভাগ্যজনক হিচাপে বিবেচিত হৈছে। দেশৰ বিভিন্ন খেলপথাৰত এসময়ত আলোড়ন তোলা তথা বিভিন্ন ক্লাবত প্ৰশিক্ষণেৰে ভৱিষ্যতৰ ফুটবলাৰক গঢ় দিয়া এই দুৰৱস্থাই চৰকাৰৰ নীতিৰ ওপৰতো সৃষ্টি কৰিছে প্ৰশ্নবোধকৰ। যি সময়ত ৰাজ্য চৰকাৰখনে ৰাজ্যৰ ক্ৰীড়াবিদসকলক যথোচিত সন্মান প্ৰদৰ্শন কৰাই নহয়, আৰ্থিকভাৱেও সহযোগিতা আগবঢ়াইছে সেই সময়তে এগৰাকী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰে এনেদৰে ব্লেজাৰ নিলাম কৰিবলৈ ওলোৱা সঁচাকৈয়ে দুৰ্ভাগ্যজনক। এই দাৰিদ্ৰৰ পৰা ফুটবলাৰগৰাকীক মুক্তি কৰাৰ লগতে তেওঁ উপযুক্ত সন্মান যঁচাটোও সময়ৰ দাবী বুলি বিবেচিত হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular