দলীয় নেতৃত্বৰে সংঘাত : এইবাৰ টিকট নাপায় প্ৰফুল্ল কুমাৰ মহন্তই!

ৰহা : এইবাৰ দলীয় টিকট নাপাই প্ৰফুল্ল কুমাৰ মহন্তই! অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা দুবাৰৰ মুখ্যমন্ত্ৰী মহন্তই দলীয় নেতৃত্বৰে সংঘাতৰ পৰিপ্ৰেক্ষিতত এইবাৰ টিকট নাপাবও পাৰে। এই দাবী কৰিছে প্ৰাক্তন কেন্দ্ৰীয় ৰেলমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁয়ে। অগপ নেতৃত্বৰে মহন্তৰ সংঘাতৰ প্ৰসংগ উত্থাপন কৰি এইবাৰ ৰাজনৈতিক ধুমুহা সৃষ্টিৰ চেষ্টা চলাইছে ৰাজেন গোহাঁয়ে। ৰাজেন গোহাঁইৰ মতে, নেতৃত্বৰ সৈতে সংঘাত থকাৰ পৰিপ্ৰেক্ষিতত প্ৰফুল্ল কুমাৰ মহন্তক এইবাৰ অগপই বিধানসভা নিৰ্বাচনত বঢ়মপুৰ সমষ্টিত টিকট নিদিবও পাৰে। যদি দলে টিকট দিয়ে তেন্তে ৰাজেন গোহাঁয়ে বঢ়মপুৰৰ পৰাই নিৰ্বাচন খেলিব বুলিও নেতাজনে মন্তব্য কৰে।

আৰু পঢ়িব পাৰিব: ‘এজেপি’ক কপি, পেষ্ট কৰা দল আখ্যা পিযুষ হাজৰিকাৰ

শনিবাৰে ৰহাৰ হাটবৰত বিজেপিৰ সেৱা সপ্তাহৰ অংশস্বৰূপে এক গছপুলি ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰীজনে। চাৰিবাৰকৈ সাংসদ হৈয়ো যোৱা লোকসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ এইবাৰ বিধানসভালৈ মন মেলা বিজেপিৰ জ্যেষ্ঠ নেতাজনে প্ৰফুল্ল মহন্তৰ বিৰুদ্ধে অভিযোগ তুলি কয় যে, ‘মহন্তই বঢ়মপুৰত বিজেপি কৰ্মীসকলক সকলো ফালৰ পৰা বঞ্চিত কৰি ৰাখিছে। বঢ়মপুৰত বিজেপিৰ স্থিতি সবল। সেয়ে সমষ্টিটো এইবাৰ বিজেপিয়ে লোৱা উচিত।’

আৰু পঢ়িব পাৰিব:ৰাজ্যত অপৰিবৰ্তীত ৰূপত কৰ’নাৰ স্থিতি : পজিটিভিটিৰ হাৰ ৭.৩৮

আনহাতে দলে তেওঁক য’ৰ পৰাই টিকট দিয়ে সেই সমষ্টিৰ পৰাই তেওঁ নিৰ্বাচন খেলিবলৈ সাজু বুলিও মন্তব্য কৰে। আনহাতে কংগ্ৰেছ আৰু এ আই ইউ ডিএফৰ মিত্ৰতাই বিজেপিক কোনো ক্ষতি কৰিব নোৱাৰে বুলি কোৱাৰ লগতে আছু আৰু এজেৱাইচিপিৰ নেতৃত্বত গঠন হোৱা ‘অসম জাতীয় পৰিষদ’-এ অহা নিৰ্বাচনত এখনো আসন নাপায় বুলি দাবী কৰে বিজেপিৰ জ্যেষ্ঠ নেতাজনে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES