spot_img
10 C
Guwahati
10 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeৰাষ্ট্ৰীয়জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীসকলে হেৰুৱালে SSG নিৰাপত্তা

জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীসকলে হেৰুৱালে SSG নিৰাপত্তা

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে জম্মু -কাশ্মীৰৰ চাৰিজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিশেষ সুৰক্ষা গোটৰ (এছএছজি) সুৰক্ষা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। নেচনেল কনফাৰেন্স দলৰ ফাৰুক আব্দুল্লা, তেওঁৰ পুত্ৰ আৰু দলৰ উপ-সভাপতি ওমৰ আব্দুল্লা, পিডিপিৰ মেহবুবা মুফতি আৰু কংগ্ৰেছ নেতা গুলাম নবী আজাদৰ এছএছজি সুৰক্ষা প্ৰত্যাহাৰ কৰা হৈছে্৷ চৰকাৰৰ দ্বাৰা এক পৰ্যালোচনা বৈঠকৰ পিছতে এই সিদ্ধান্ত লোৱা হয়৷ জে এণ্ড কে গৃহ বিভাগে নিৰাপত্তা বিভাগৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানক এছ.এছ.জি.-ক “নূন্যতম” লৈ হ্ৰাস কৰাৰ বাবে নিৰাপত্তা সমীক্ষা আৰু সমন্বয় সমিতিৰ পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ এক নিৰ্দেশ জাৰি কৰিছে।

এই নিৰ্দেশনাই ফাৰুক আব্দুল্লা, গুলাম নবী আজাদ, ওমৰ আব্দুল্লা আৰু মেহবুবা মুফতিৰ নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰভাৱিত কৰিব। যদিও জ্যেষ্ঠ আব্দুল্লা আৰু আজাদে ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষীৰ পৰা সুৰক্ষা লাভ কৰি থাকিব, ওমৰ আৰু মুফতীয়ে জেড-প্লাছ নিৰাপত্তা উপভোগ কৰিব, তেওঁলোকৰ নিৰাপত্তাৰ বাবে এতিয়া জে এণ্ড কে আৰক্ষীৰ নিৰাপত্তা শাখাৰ হাতত দায়িত্ব অৰ্পণ কৰিব৷ বৰ্তমান, এছ.এছ.জি.-ত প্ৰায় ৫০০ জন কৰ্মচাৰী আছে আৰু ইয়াৰ নেতৃত্ব দিছে এজন সঞ্চালক, আই.জি.পি. পদবীৰ এজন বিষয়া। বাহিনীটোত দুজন উপ-সঞ্চালক, চাৰিজন আৰক্ষী অধীক্ষক আৰু প্ৰায় ১৫ জন ডিৱাইএছপি আছে।

এছএছজি হৈছে জম্মু আৰু কাশ্মীৰৰ এক বিশেষ সুৰক্ষা গোট যাক প্ৰাক্তন ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীসকলৰ সুৰক্ষাৰ বাবে সৃষ্টি কৰা হৈছিল। ওমৰ আব্দুল্লাই কয় যে “এই সিদ্ধান্তৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আছে, কিন্তু ইয়াৰ বিষয়ে আগতীয়াকৈ আমাক কোনোধৰণৰ অৱগত কৰা নাছিল৷’’ চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতি এতিয়া দেশৰ সকলো প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে অধিক সোচ্চাৰ হৈ পৰিছে৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular