spot_img
17 C
Guwahati
17 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeক্ৰীড়া৪৬ বছৰ বয়সতে জীৱন নাট সামৰিলে প্ৰাক্তন মিষ্টাৰ অলিম্পিয়া শ্বন ৰোডেনে

৪৬ বছৰ বয়সতে জীৱন নাট সামৰিলে প্ৰাক্তন মিষ্টাৰ অলিম্পিয়া শ্বন ৰোডেনে

ডিজিটেল ডেস্কঃ মাত্ৰ ৪৬ বছৰ বয়সতে অকাল মৃত্যুক সাৱটিলে প্ৰাক্তন মিষ্টাৰ অলিম্পিয়া শ্বন ৰোডেনে। হৃদৰোগত আক্ৰান্ত হৈছিল বিশ্ব বিখ্যাত বডী বিল্ডাৰগৰাকী। ১৯৯০ ৰ দশকৰ আৰম্ভণিতে ৰোডেনে প্ৰথমে এজন অপেছাদাৰী শৰীৰচৰ্চাবিদ হিচাপে এই ক্ষেত্ৰখনত প্ৰৱেশ কৰিছিল। লাহে লাহে শৰীৰ চৰ্চা ক্ষেত্ৰৰ এক সুপৰিচিত নাম হৈ পৰিছিল শ্বন ৰোডেন। ২০১৮ চনত এক ইতিহাস ৰচনা কৰিছিল শ্বন ৰোডেনে।

ৰোডেনে সাতবাৰৰ অলিম্পিয়া চেম্পিয়ন ফিল হিথক পৰাস্ত কৰি ২০১৮ৰ অলিম্পিয়া বডীবিল্ডিং প্ৰতিযোগিতাৰ চুপাৰ বাউলৰ চূড়ান্ত বিজয়ী হৈছিল। ৪৩ বছৰ বয়সত এই সন্মানীয় খিতাপ জয় কৰা বিশ্বৰ আটাইতকৈ বয়সীয়াল প্ৰতিযোগী আছিল শ্বন ৰোডেন।


১৯৯০ ৰ দশকৰ আৰম্ভণিতে ৰোডেনে প্ৰথমে এজন অপেছাদাৰী হিচাপে শৰীৰ চৰ্চাৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিছিল। ২০১০ চনত ৰোডেনে প্ৰথমবাৰৰ বাবে মিষ্টাৰ অলিম্পিয়াত একাদশ স্থান লাভ কৰে। পৰৱৰ্তী বছৰত ৰোডেনে প্ৰতিযোগিতাখনত তৃতীয় স্থান লাভ কৰে। ১৯৭৫ চনৰ ৬ নৱেম্বৰত জামাইকাৰ কিংগষ্টনত জন্মগ্ৰহণ কৰিছিলশ্বন ৰোডেনে। শ্বনৰোডেনৰ মৃত্যুত শৰীৰ চৰ্চা ক্ষেত্ৰখনৰ লগতে জামাইকাত পৰিছে গভীৰ শোকৰ ছাঁ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular