ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ অমৰ সিঙৰ ৬৪ বছৰ বয়সত মৃত্যু

নতুন দিল্লী: ৰাজ্যসভাৰ প্ৰাক্তন সদস্য তথা সমাজবাদী দলৰ নেতা অমৰ সিঙৰ কালি ৬৪ বছৰ বয়সত মৃত্যু হয়৷ বৃক্কৰ ৰোগত ভুগি তেওঁ বিগত মাৰ্চ মাহৰপৰা ছিংগাপুৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল৷ উল্লেখ্য, ২০১১ চনত বৃক্ক সংৰোপণ কৰা হৈছিল ৰাজনীতিকগৰাকীৰ৷

আৰু পঢ়িব পাৰিব: প্লাজমা দানে বচাব পাৰে দুজন ব্যক্তিৰ জীৱন

২০০৮ চনত সমাজবাদী পাৰ্টীয়ে সেই সময়ত ক্ষমতালৈ অহা ইউপিএ চৰকাৰৰ সহযোগী হোৱাৰ পাছৰেপৰা চৰ্চাত আছিল অমৰ সিং৷ প্ৰাক্তন ৰাজনীতিকগৰাকীৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বহুজনে শোক প্ৰকাশ কৰে৷ বলীউডৰ বচ্চন পৰিয়ালৰ সৈতে থকা সুসম্পৰ্ৰ বাবেও বিভিন্ন সময়ত চৰ্চালৈ আহিছিল অমৰ সিং৷

আৰু পঢ়িব পাৰিব: ইউটিৱাৰৰ অগ্ৰনী ভূমিকা: বানত সৰ্বস্ত্ৰ হেৰুৱা লোকক এমুঠি অন্নৰ যোগান

অভিনেতা অমিতাভ বচ্চন তেওঁৰ দীৰ্ঘকালৰ বন্ধুৰ মৃত্যুত বাকৰুদ্ধ হৈ পৰে৷ কোনো শব্দ নিলিখাকৈ কেৱল মূৰ দোঁৱাই থকা এখন ফটো টুইটাৰত আপলোড কৰি অমৰ সিঙলৈ শেষ শ্ৰদ্ধা জনায় অভিনেতাগৰাকীয়ে৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES
Close
Close