Google search engine
26.7 C
Guwahati
Saturday, July 24, 2021
Google search engine
Homeক্ৰীড়াধোনীয়ে কিয় নাপালে ফেয়াৰৱেল মেছ? প্ৰাক্তন নিৰ্বাচকৰ প্ৰতিক্ৰিয়া

ধোনীয়ে কিয় নাপালে ফেয়াৰৱেল মেছ? প্ৰাক্তন নিৰ্বাচকৰ প্ৰতিক্ৰিয়া

নতুন দিল্লীঃ ২০২১ চনৰ টি-২০ বিশ্বকাপ খেলিব বিচাৰিছিল মহেন্দ্ৰ সিং ধোনীয়ে। নিৰ্বাচক মণ্ডলীৰ সৈতে বহি দল নিৰ্বাচন কৰাৰ কথা আছিল ধোনীৰ। তেতিয়া কেপ্টেইন কুলৰ টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ ধাৰণা মনলৈ অহা নাছিল বুলি দাবী কৰিছে নিৰ্বাচক শৰণদ্বীপ সিঙে। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ প্ৰাক্তন নিৰ্বাচকগৰাকীৰ এই বিস্ফোৰক মন্তব্যৰ পাছতে ক্ৰিকেটপ্ৰেমীৰ মনত বিভিন্ন প্ৰশ্নৰ জোৱাৰ উঠিছে। ভাৰতীয় ক্ৰিকেটক সমৃদ্ধ কৰা কিম্বদন্তি খেলুৱৈগৰাকীক আনুষ্ঠানিক ৰূপে বিদায় নিদিয়াতো ধোনী অনুৰাগীৰ বাবে আজিও এক হুমুনিয়াহ!
উল্লেখ্য যে, ২০২০চনৰ ১৫ আগষ্টৰ দিনা সামাজিক মাধ্যমৰ জৰিয়তে টি-২০ ফৰ্মেটৰপৰা অৱসৰ ঘোষণা কৰিছিল ভাৰতীয় ক্ৰিকেটৰ সৰ্বকালৰ অন্যতম সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে। কেইবামাহ অতিক্ৰমী যোৱাৰ পাছত আজিও সাঁথৰ হৈ ৰৈছে ধোনীৰ অৱসৰ! ভাৰতীয় ক্ৰিকেটৰ ধ্বজাবাহক গৰাকীৰ বাবে এখনো বিদায়ী খেল অনুষ্ঠিত কৰা নহ’ল! তাকে লৈ ক্ষুদ্ধ হৈ পৰিছিল ধোনী অনুৰাগীসকল।


শেহতীয়াকৈ সংবাদমাধ্যমৰ এক সাক্ষাৎকাৰত প্ৰাক্তন নিৰ্বাচক শৰণদ্বীপ সিঙে পুনৰ আওতালৈ আনিছে ধোনীৰ প্ৰসংগ। তেওঁ দাবী কৰে যে, ‘টি-২০ বিশ্বকাপ খেলাৰ কথা ভাবিছিল ধোনীয়ে। কৰ’না মহামাৰীৰ কাৰণে এই টুৰ্নামেণ্টখন অনিৰ্দিষ্টকালৰ বাবে স্থগিত ৰখা হয়। খেল অনুষ্ঠিত হোৱাহেঁতেন টি-২০ বিশ্বকাপতে ধোনীৰ বিদায়ী সম্বৰ্ধনা জনোৱা হ’লহেঁতেন।’ ইফালে ২০১৯ চনত বিশ্বকাপৰ ছেমিফাইনেলত ভাৰত পৰাভূত হোৱাৰ পাছত আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল ধোনীয়ে। নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলক জয়ী কৰিব নোৱাৰাত ব্যৰ্থ ধোনীয়ে হতাশাৰে পেভেলীয়নমুখী হৈছিল। তেতিয়াৰ পৰাই ধোনীৰ বেটিং প্ৰদৰ্শনক লৈ প্ৰশ্ন উত্থাপন হৈছিল।

ক্ৰমাত নিম্নগামী হৈ আহিছিল ধোনীৰ ষ্ট্ৰাইক ৰেট। নিৰ্বাচক মণ্ডলীয়ে ধোনীৰ উপস্থিতিতে বিকল্প খেলুৱৈৰ সন্ধান কৰিছিল। কমিটীৰ তৰফৰ পৰা উইকেট কীপাৰ-বেটছমেন হিচাপে ধোনীৰ পৰিৱৰ্তে ঋষভ পণ্টক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনাও কৰিছিল। তথাপি ধোনীৰ ইচ্ছা আছিল টি-২০ বিশ্বকাপ খেলাৰ। কৰ’না মহামাৰীয়ে বিধিপথালি নিদিয়াহেঁতেন হয়তো দেশেবাসীয়ে আশাকৰা ধৰণে ধোনীয়ে হয়তো জীৱনৰ অন্তিম টি-২০ খেলখন খেলিলেহেঁতেন!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
light rain
26.7 ° C
26.7 °
26.7 °
91 %
0.5kmh
100 %
Sat
27 °
Sun
33 °
Mon
33 °
Tue
33 °
Wed
29 °

Watch latest Movies & TV Series on Prag Play

Most Popular