spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeৰাষ্ট্ৰীয়হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড; ৪টিকৈ নৱজাত শিশুৰ কৰুণ মৃত্যু

হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড; ৪টিকৈ নৱজাত শিশুৰ কৰুণ মৃত্যু

ডিজিটেল ডেস্কঃ এক মৰ্মান্তিক ঘটনা।এক ভয়ংকৰ অগ্নিকাণ্ডত কৰুণ মৃত্যুক সাৱয়ি লয় ৪টিকৈ নৱজাত শিশুৱে। কোনোমতে প্ৰাণৰক্ষা পৰে ৩৬ টি শিশুৰ। এই কৰুণ ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশৰ ৰাজধানী ভূপালত। ৰাজধানীখনৰ অন্যতম হাস্পতাল কমলা নেহৰুত নিশা হঠাতে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ড সংঘটিত হোৱা হাস্পতালৰ সেই ঠাইত মুঠ ৪০ টি নৱজাত শিশু ৰখা হৈছিল।

জুইৰ লেলিহান শিখাই গ্ৰাস কৰিলে ৪খন সংসাৰৰ সোণালী সপোন

অগ্নিকাণ্ডৰ ফলত অগ্নিদগ্ধ হৈ ৪টা শিশুৱে কৰুণ মৃত্যুক সাৱটি লোৱাৰ লগতে উদ্ধাৰ কৰা শিশুকেইটাৰ মাজতো কোনো কোনোৱে কিছু পৰিমাণে আঘাত পাই আহত হৈছে। অগ্নিকাণ্ডটোৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও প্ৰাথমিক তদন্তত শ্বৰ্ট চাৰ্কিটৰ বাবে এনে হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। ভয়ংকৰ জুইকুৰা নুমুৱাবলৈ ১৩ খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আৰু উদ্ধাৰকাৰী দল আহি উপস্থিত হয়।

খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় ১৩খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী

আৰু পঢ়কঃ ‘মই জয়ললিতাৰ জীয়ৰী’! এই এশাৰী বাক্যৰে তামিলনাডু কঁপাইছে এগৰাকী মহিলাই

কেইবাঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় অগ্নি নিৰ্বাপক বাহিনীয়ে। ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় মধ্যপ্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী। স্বাস্থ্যমন্ত্ৰীয়ে এনে এক হৃদয়বিদাৰক ঘটনাৰ বাবে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃত ৪টা শিশুৰ দুৰ্ভগীয়া পিতৃ-মাতৃলৈ ক্ষতিপূৰণ হিচাপে ৪ লাখকৈ টকা প্ৰদান কৰা হ’ব বুলি সদৰী কৰে। এই কৰুণ ঘটনাত সমগ্ৰ মধ্যপ্ৰদেশতে পৰিছে গভীৰ শোকৰ ছাঁ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular