ফ্ৰান্সৰ পৰা ভাৰত অভিমুখে উৰা মাৰিছে দুৰন্ত যুঁজাৰুৰ দলে…

নতুন দিল্লী : ভাৰতীয় বায়ুসেনা বাহিনীক অপ্ৰতিৰোধ্য ৰূপ দিয়াৰ বাবে আহি আছে এদল দুৰন্ত যুঁজাৰু। বহু প্ৰতীক্ষাৰ পাছত আজি ফ্ৰান্সৰ পৰা উৰা মাৰিছে এই বিশেষ যুঁজাৰুৱে। ২৯ জুলাইত ভাৰত আহি পাবলগীয়া এই যুঁজাৰুৰ সমাৱেশে ভাৰতীয় বায়ুসেনাক যে এক অপ্ৰতিৰোধ্য ৰূপ দিব সেয়া সহজেই অনুমান কৰিব পাৰি। নানা জল্পনা-কল্পনা, নানা বিতৰ্কৰ ধুমুহা পাৰ হৈ ভাৰতলৈ বুলি উৰা মাৰিছে ৰাফেল যুঁজাৰু বিমানৰ প্ৰথমটো গোটে।

আৰু পঢ়িব পাৰিব: বিধায়কৰ ঘনিষ্ঠই লিপ্ত চুৰি কাৰ্যত : হাবিত লুকুৱাই ৰাখিছিল চুৰি সামগ্ৰী

ভাৰতে ক্ৰয় কৰা ৩৬খন অত্যাধুনিক যুঁজাৰু বিমানৰ ভিতৰত এতিয়া পাঁচখন যুঁজাৰু বিমান ভাৰতলৈ হস্তান্তৰ কৰিলে নিৰ্মাতা দেশ ফ্ৰান্সে। হাৰিয়ানাৰ আম্বালা বায়ুসেনা শিবিৰত এই বিমানকেইখন ৰখা হ’ব। ৫৯হাজাৰ কোটি টকাৰ এক চুক্তিৰ আধাৰত এই অত্যাধুনিক বিমানসমূহৰ সমাৱেশ ঘটোৱা হ’ব ভাৰতীয় বায়ুসেনাত।

আৰু পঢ়িব পাৰিব: বান সাহাৰ্যৰ সামগ্ৰী আত্মসাতক লৈ মাৰপিট : অধ্যাপক, গাওঁবুঢ়াৰ বিৰুদ্ধে গোচৰ

আম্বালালৈ অহাৰ বাটত বিমানসমূহ ইউ এ ই-ত থকা ফৰাচী এয়াৰবেছত অৱতৰণ কৰিব। উল্লেখ্য যে, ফ্ৰান্সৰপৰা উৰা মৰাৰ সময়ত ভাৰতীয় বৈমানিকসকলৰ সৈতে কথা পাচে ফ্ৰান্স থকা ভাৰতৰ ৰাষ্ট্ৰদূতে। বুধবাৰে ভাৰতত এই ৰাফেল বিমানকেইখনে অৱতৰণ কৰাৰ পাছতে দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰত এক নতুন যুগৰ সূচনা হ’ব। মিছাইলকে ধৰি অতি উচ্চ ক্ষমতাসম্পন্ন অস্ত্ৰ কঢ়িওৱাৰ শক্তি থকা এই আকাশী যুঁজাৰুৰ সমাৱেশ ভাৰতৰ বৈৰী ৰাষ্ট্ৰসমূহৰ বাবে প্ৰত্যাহ্বান হিচাপে বিবেচিত হোৱাৰ সম্ভাৱনা আছে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES