spot_img
20 C
Guwahati
20 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিককিয় চৰ্চাত বৰুণ-বৰষাৰ বিয়া ?

কিয় চৰ্চাত বৰুণ-বৰষাৰ বিয়া ?

শিৱসাগৰ : শিৱসাগৰৰ আমগুৰিত চৰ্চিত হৈছে এখন বিশেষ বিয়া। বিয়া খাবলৈ হেতা-ওপৰা বহু লোকৰ। ৰং-ৰহইচত মচগুল গাঁওবাসী। আমগুৰিৰ বেলিমুখীয়া চাংমাই গাঁওত সম্পন্ন হৈছে বিয়াখন। দৰা বৰুণ আৰু কইনা বৰষা বিয়াখনে লাভ কৰিছে বিশেষ চৰ্চা। প্ৰকৃততে বিয়াখন ভেকুলীৰ বিয়া। খৰাং বতৰৰ বাবে আমগুৰিৰ কৃষকে মুৰে-কপালে হাত দিবলগা অৱস্থাৰ সৃষ্টি হৈছে। এনে পৰিৱেশত লোকবিশ্বাস অনুসৰি ৰাইজে পাতিলে ভেকুলীৰ বিয়া।

ভেকুলীৰ বিয়া

ইপিনে পানীৰ অভাৱত চিৰালফাট দিছে পথাৰ। পানীৰ অভাৱে কৃষকৰ জীয়াই থকাৰ সম্বল খেতি উছন কৰাৰ দৰে পৰিণতি হৈছে। এনে ভয়ংকৰ পৰিস্থিতিৰ পৰা ৰক্ষা পাবৰ বাবে শিৱসাগৰৰ বেলিমুখীয়া চাংমাইত সম্পন্ন হৈছে ভেকুলী বিয়া। সম্পূৰ্ণ অসমীয়া নীতি-পৰম্পৰা পালন কৰি বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ এই বিয়া।

ভেকুলীৰ বিয়া

এনেকুৱা অনাবৃষ্টিৰ সময়তে মানুহে প্ৰকৃতিক সন্তুষ্ট কৰিবলৈ কিছুমান লোকাচাৰ পালন কৰে। তেনে বিভিন্ন অনুষ্ঠানসমূহৰ ভিতৰত ভেকুলী বিয়া অন্যতম। শালিধানৰ খেতি আৰম্ভ কৰাৰ সময়ত বৰষুণ নহ’লে অসমৰ বিভিন্ন অঞ্চলৰ কৃষক সকলে ‘ভেকুলী বিয়া’ অনুষ্ঠানৰ আয়োজন কৰে। নোৱাই-ধুৱাই বিয়াৰ বাবে ৰাইজে সাজু কৰে দৰা-কইনা। পানী তুলি বিয়ানাম গাই গাঁৱৰ ৰাইজে ভোজ-ভাত খাই সম্পন্ন কৰে অসমীয়া লোকাচাৰত চলি অহা এনে বিয়া।

ৰাইজৰ বিশ্বাস ভেকুলী বিয়া সম্পন্ন হলে বৰষুণ দিব। বৰুণ দেৱতা সন্তুষ্ট হ’লে বৰষুণৰ আশীৰ্বাদ আহিব। আকৌ জীপাল হ’ব ধৰিত্ৰী। পথাৰে চন্দ পাব। খেতি সেউজীয়া হব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular