spot_img
21 C
Guwahati
21 C
Guwahati
বুধবাৰ, জানুৱাৰী 26, 2022
Homeআঞ্চলিকএতিয়াৰে পৰা সকলো অভিযন্তাৰ নিযুক্তি পৰীক্ষা একেলগে হ'ব

এতিয়াৰে পৰা সকলো অভিযন্তাৰ নিযুক্তি পৰীক্ষা একেলগে হ’ব

ডিজিটেল ডেস্কঃ আজি কলাক্ষেত্ৰত মুখ্যমন্ত্রীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ,জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু সাধাৰণ প্ৰশাসন বিভাগৰ নিযুক্তি পত্র বিতৰণ কৰে। এই নিযুক্তি পত্র বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্রী গৰাকীয়ে ভাষনত তেলেংগানাক অসমৰ লগত তুলনা কৰে। মুখ্যমন্ত্রীয়ে কয় তেলেংগানা আৰু অসম একেই। পাৰ্থক্য মাথোঁ এটাই আমাৰ ঘৰুৱা উৎপাদন তেলেংগানাতকৈ কম। লগতে কয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কামসমূহ বহু গুৰুত্বপূৰ্ণ। যদি ইয়াক দুৰ্নীতি মুক্ত কৰি আমি কাম কৰিব পাৰো তেনেহ’লে অসমত দৰিদ্ৰতা নাথাকিবই।
অসমত থাকিলে আমি ভাবো আমি লাচিতৰ দেশৰ সকলো আছে। কিন্তু দিল্লীত গ’লে গম পাও সেই লাচিত এতিয়া নাই। ইয়াৰ জৰিয়তে আমি অসমখনক দিনক-দিনে বহুদূৰ পিছুৱাই ঠেলি দিছো। আমাৰ অসম প্ৰেমৰ সংজ্ঞাবোৰ অলপ অলপ অদ্ভুত সংজ্ঞা। আমাৰ অসমৰ প্ৰেমৰ সংজ্ঞাত জনতাই বিশুদ্ধ খোৱা পানী পাব লাগে, বিদ্যুৎ পাব লাগে আদি বিষয়বোৰ নাই। সচিবালয়খন যেতিয়া বিশুদ্ধ হয় তেতিয়া চৰকাৰখনৰ জনকল্যানমুখী কাম বিলাকে নিজে নিজে গতি লয়। সচিবালয়ৰ ওপৰত মানুহৰ বহুত অভিযোগ আছে। আগন্তুক ১৭জানুৱাৰী তাৰিখে কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বহিব সচিবালয়ৰ সকলো কৰ্মচাৰীক। যি সকলে সচিবালয়ত নিযুক্তি পালে উপাৰ্জন হয় বুলি ভাৱে সেইসকলে ভুল ভাৱিছে। এই ৫ বছৰত এক টকাও উপাৰ্জন নহয়। যি সকলে ভাৱিছে তেওঁলোকৰ গাড়ী দূৰ্ঘটনাগ্ৰস্ত হোৱাটো ৯৯ শতাংশ নিশ্চিত।

২০২২ ত ১ লাখ ল’ৰা ছোৱালী চৰকাৰত সোমাব।২০২২ ত প্ৰশাসনত বেছিভাগ নতুন তেজ সোমাব।
চাকৰি পালেই গাড়ীত উঠিব নিবিচাৰিব। তেতিয়া খৰচ বাঢ়ি যাব, ইনষ্টলমেন্ট দিব লাগিব। তেতিয়াই আমি আকৌ হাতখন পাতি দিব লাগিব। নতুন নিযুক্তি পোৱা সকলক একপ্ৰকাৰ ঘোচ নল’বলৈ সকীয়নী মুখ্যমন্ত্ৰীৰ। উল্লেখ্য যে আজিৰ এই নিযুক্তি বিতৰণ অনুষ্ঠানত অলিম্পিক বিজয়ী লাভলীনা বৰগোঁহাইক ৰাজ্য চৰকাৰে ডিএছপি হিচাপে নিযুক্তি দিয়ে।

ৰাজ্যৰ শিক্ষা বিভাগৰ উন্নয়ন সন্দৰ্ভত বহুকেইটা ঘোষণা কৰে মুখ্যমন্ত্রীয়ে। এতিয়াৰে পৰা সকলো অভিযন্তাৰ নিযুক্তি পৰীক্ষা একেলগে হ’ব, বেলেগ বেলেগ বিভাগৰ বেলেগকৈ নহয়৷ পৰীক্ষাত উত্তীর্ণ হোৱাৰ পাছতহে জনাব কোন বিভাগত নিযুক্তি পাব। জলজীৱন আঁচনিৰ অধীনত অসমত ৬২ লাখ মানুহক বিশুদ্ধ খোৱাপানী এবছৰৰ ভিতৰত যোগান ধৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular