spot_img
10 C
Guwahati
10 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআঞ্চলিকআৰক্ষীৰ নাকৰ তলতেই জুৱাৰ বেহা, নিৰ্বিকাৰ প্ৰশাসন!

আৰক্ষীৰ নাকৰ তলতেই জুৱাৰ বেহা, নিৰ্বিকাৰ প্ৰশাসন!

ডিজিটেল ডেস্ক : মাঘ বিহু উপলক্ষে ৰাজ্যৰ চৌদিশে উখল-মাখল পৰিৱেশ। চৰকাৰে বান্ধি দিয়া নীতি-নিৰ্দেশনা অনুসৰি ৰাজ্যবাসীয়ে পালন কৰিছে ভোগালী বিহু। কিন্তু তাৰ মাজতো বিভিন্ন স্থানত সংঘটিত হ’ল নানা অনৈতিক কাৰ্য-কলাপ। বহু স্থানত চৰকাৰে বান্ধি দিয়া ক’ভিডৰ নীতি-নিৰ্দেশনা মানি চলা দেখিবলৈ পোৱা নগ’ল। কৰিমগঞ্জতো উৎসৱৰ নামত এচাম লোকে ভৰিৰে মোহাৰিলে ক’বিড বিধি।

উৎসৱ উদযাপনৰ বাবে ৰাজ্য চৰকাৰে জনসাধাৰণক নিৰ্ধাৰণ কৰি দিছিল কিছু নিৰ্দেশনা। কিন্তু চৰকাৰৰ নিৰ্দেশনা ভঙ্গ কৰি কৰিমগঞ্জত চলিল ৰথ মেলা। কেৱল এয়াই নহয়, ৰথ মেলাৰ গইনা লৈ ৰাজহুৱা ভাৱে চলিল অবৈধ জুৱাৰ ৰমৰমীয়া বেহা। মকৰ সংক্ৰান্তি উদযাপনৰ অচিলা লৈ অভিনৱ পন্থাৰে মোবাইলতে পতা হল জান্দিমুণ্ডাৰ খেলা। গিৰিশগঞ্জ আৰক্ষী চকীৰ কিছু নিলগতে চলিল এই জুৱাৰ অবৈধ বেহা।

মন কৰিব লগা যে, বৰ্তমান সময়ত প্ৰতি দিনাই বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। যাৰ বাবে কঠোৰ কৰা হৈছে ক’ভিড প্ৰট’কল। ৰাজহুৱা সকলো অনুষ্ঠান বন্ধ কৰি দিয়া হৈছে। কিন্তু ইয়াৰ পিছতো কৰিমগঞ্জ চহৰৰ সংলগ্ন সাদাৰাশি এলেকাত শহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হ’ল ৰথ মেলা। ৰথ মেলাক কেন্দ্ৰ কৰি মেলাৰ ওচৰে-পাজৰে অনুষ্ঠিত হ’ল জুৱাৰ বেহা। ন-কৌশলৰে মোবাইলতে চলিল জান্দিমুণ্ডা খেল। অৱশ্যে বহুতে মোবাইল নোহোৱাকৈ আগৰ দৰেই পাতিলে জুৱা খেল। কিন্তু এইক্ষেত্ৰত ৰহস্যজনক নিৰৱতা অৱলম্বন কৰা দেখা গ’ল জিলা প্ৰশাসন তথা কৰিমগঞ্জ আৰক্ষীয়ে। প্ৰাপ্ত খবৰ অনুসৰি মকৰ সংক্ৰান্তিৰ দিনা কৰিমগঞ্জৰ কেইবাটাও অঞ্চলত আৰক্ষীৰ নাকৰ তলতেই চলিল জুৱাৰ ৰমৰমীয়া বেহা। চৰকাৰৰ নিৰ্দেশনাৰ পাছতো ক’ভিড বিধি উলংঘন কৰি এনেদৰে সহস্ৰাধিক লোকে মেলাত অংশ লোৱাৰ বিৰুদ্ধে প্ৰশাসন কঠোৰ হোৱাটো বাদেই অবৈধ জুৱাৰ বেহা উৎখাট কৰিবলৈও কৰিমগঞ্জ আৰক্ষী অকামিলাত পৰিণত হ’ল বুলি অভিযোগ উত্থাপিত হৈছে সচেতন মহলত।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular