spot_img
24 C
Guwahati
24 C
Guwahati
দেওবাৰ, ডিচেম্বৰ 5, 2021
Homeক্ৰীড়াগাংগুলীৰ প্ৰচেষ্টাত লক্ষ্মীলাভ, কোনে ল’ব ১৫০০ কোটিৰ দুৰ্বসহ বোজা?

গাংগুলীৰ প্ৰচেষ্টাত লক্ষ্মীলাভ, কোনে ল’ব ১৫০০ কোটিৰ দুৰ্বসহ বোজা?

নতুন দিল্লীঃ বিচিচিআইৰ বাবে সুখবৰ। গাংগুলীৰ প্ৰচেষ্টাত আশাৰ ৰেঙনি ভাৰতীয় ‌ক্ৰিকেট ব’ৰ্ডলৈ। আগন্তুক দহ বছৰত কেৱল তিনিটা ডাঙৰ প্ৰতিযোগিতাই নহয় ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড অৰ্থাত্‍ বিচিচিআইয়ে লাভ কৰিছে সুবৰ্ণ সুযোগ। বিচিচিআইৰ লক্ষ্মীলাভ। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ১৫০০ কোটি টকা প্ৰদানৰ পৰা ৰেহাই পোৱা বুলি সদৰী কৰিছে বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে। কাৰণ, কেন্দ্ৰীয় চৰকাৰক পৰিশোধ কৰিবলগীয়া কৰ ভাৰতীয় পৰিষদৰ হৈ আইচিচিয়ে পৰিশোধ কৰিব বুলি চুক্তি স্বাক্ষৰ কৰা হৈছে। নিশ্চিত ভাৱে এই সকলোবোৰ বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীৰ বাবে সম্ভৱপৰ হৈ উঠিছে।

তেওঁৰ লগত উপস্থিত আছিল ব’ৰ্ডৰ সচিব জয় শ্বাহ।জানিবলৈ পোৱা মতে, গাংগুলী-শ্বাহৰ সন্মিলিত প্ৰচেষ্টাত আইচিচিৰ পৰিষদৰ বৈঠকত বিষয়টো উত্থাপন কৰিছিল। ভাৰতীয় পৰিষদে প্ৰায় ১৫০০ কোটি টকা কৰ পৰিশোধ কৰিব নালাগে বুলি সভাখনতে সিদ্ধান্ত লোৱা হয়। আইচিচি-ব’ৰ্ডৰ সভাত সৌৰভ-শ্বাহে কয়, ভাৰতীয় বোৰ্ডে ২০১৬ চনৰ টি-২০ বিশ্বকাপ আৰু ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ পৰা ১০০ নিযুত ডলাৰ ক্ষতি হৈছে। কাৰণ, ব’ৰ্ডে এই বৃহত পৰিমাণৰ ধন কৰ হিচাপে পৰিশোধ কৰিবলগীয়া হৈছিল। সদসমাপ্ত টি-২০ বিশ্বকাপ যদি ইউ.এ.ই.ৰ পৰিৱৰ্তে ভাৰতত হ’লহেঁতেন তেতিয়া লোকচানৰ পৰিমাণ ১৫০ নিযুত ডলাৰলৈ বৃদ্ধি পালেহেঁতেন বুলিও মন্তব্য কৰিছে বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular