গৰিয়া-মৰীয়াৰ উন্নয়ন পৰিষদ গঠন আৰু সুকীয়া জৰীপৰ ব্যৱস্থা শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত প্ৰতিবাদ

ভেৰগাঁওঃ ৰাজ্য চৰকাৰে ৰাজ্যৰ গৰিয়া-মৰীয়াসকলৰ বাবে ঘোষণা কৰা উন্নয়ন পৰিষদ গঠন আৰু সুকীয়া জৰীপৰ ব্যৱস্থা শীঘ্ৰে কাৰ্য্কৰী কৰাৰ দাবীত সৰৱ হৈ পৰিছে সদৌ বিটিআৰ গৰিয়া-মৰীয়া দেশী ছাত্ৰ সন্থা ৷

আৰু পঢ়িব পাৰিব : পুনৰ ঘোষণা হ’ল লকডাউন : ১ ডিচেম্বৰলৈ স্তব্ধ হ’ব দেশ!

সংগঠনটোৱে চৰকাৰৰ বিৰুদ্ধে ঘোষণা কৰা আন্দোলন কাৰ্য্সূচীৰ অংশ হিচাপে বৃহস্পতিবাৰে ভেৰগাঁৱৰ পাণেৰীত গৰিয়া-মৰীয়া দেশী ছাত্ৰ সন্থাৰ পাণেৰী আঞ্চলিক সমিতিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুৰ্ত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

আৰু পঢ়িব পাৰিব : নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দল গঠনৰ প্ৰতিযোগিতা ! আত্মপ্ৰকাশ ‘মহিলাৰ দল’ৰ

সংগঠনটোৰ শতাধিক কৰ্ম-কৰ্তাই মুখ্যমন্ত্ৰীৰ পুৰ্ত্তলিকা দাহ কৰি বিজেপি চৰকাৰ হায় হায় , খিলঞ্জীয়া গৰিয়া-মৰীয়াসকলৰ উন্নয়নৰ বাবে এশ কোটি টকা মোকলাই দিয়ক, শীঘ্ৰে সুকীয়া জৰীপৰ ব্যৱস্থা কৰক, সৰ্বানন্দ সোণোৱাল হায় হায় আদি শ্ল’গানেৰে পাণেৰীৰ আকাশ-বতাহ উত্তাল কৰি তোলে ৷ প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়ে বিটিআৰ গৰিয়া-মৰীয়া দেশী ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰিংকু আহমেদে৷

Show More

Related Articles

Back to top button