spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআঞ্চলিকৰান্ধনীৰ ৰূপত বিধায়ক পদ্ম হাজৰিকা : নৈশ শ্ৰমিকক যোগান ভাত

ৰান্ধনীৰ ৰূপত বিধায়ক পদ্ম হাজৰিকা : নৈশ শ্ৰমিকক যোগান ভাত

ডিজিটেল ডেস্ক : কেইমাহমানৰ ভিতৰতে সলনি হ’ব ছিপাঝাৰৰ গৰুখুঁটিৰ ছবি৷ অবৈধ ভূমি দখলকাৰীক উচ্ছেদ অভিযানৰ পাছত এতিয়া অসম চৰকাৰে গৰুখুঁটিক ন-ৰূপ দিয়াৰ প্ৰচেষ্টা হাতত লৈছে৷ তীব্ৰগতিত দিনে-নিশাই চলি থকা গৰুখুঁটি কৃষি প্ৰকল্পৰ কামৰ অধ্যক্ষৰ দায়িত্বত আছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা। ছিপাঝাৰৰ গৰুখুঁটি কৃষি প্ৰকল্পত বুধবাৰৰ নিশা বিধায়কগৰাকীক দেখা গ’ল ৰান্ধনীৰ ৰূপত।

বুধবাৰৰ নিশাই গৰুখুঁটি কৃষি প্ৰকল্পত নিয়োজিত একাংশ যুৱকে নিশাৰ ভাগতো চলাই গৈছে ইয়াৰ কাম-কাজ। উল্লেখ্য যে প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই নিশাৰ ভাগত চলি থকা কৃষি প্ৰকল্পৰ কাম-কাজৰ তদাৰক কৰাৰ লগতে কামত নিয়োজিত প্ৰায় ডেৰশ লোকৰ বাবে এইদৰে বিভিন্ন ব্যঞ্জনৰে নিজেই তেওঁ প্ৰস্তুত কৰিলে নিশাৰ ভাতসাঁজ।

প্ৰনিধানযোগ্য যে অহা ২৭ নৱেম্বৰত গৰুখুঁটি কৃষি প্ৰকল্পত আহি উপস্থিত হ’ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। গৰুখুঁটি কৃষি প্ৰকল্পৰ সামগ্ৰিক কাম-কাজৰ বুজ লোৱাৰ লগতে সেইদিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব গোশালা, মৎস্য উৎপাদন কেন্দ্ৰকে ধৰি আন কেইবাটাও প্ৰকল্প।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular