spot_img
27 C
Guwahati
27 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeব্ৰেকিং নিউজমৃত্যুৱে খেদি ফুৰিছে গম্ভীৰ পৰিয়ালক : আইছিছৰ পৰা দ্বিতীয়টো ভাবুকী

মৃত্যুৱে খেদি ফুৰিছে গম্ভীৰ পৰিয়ালক : আইছিছৰ পৰা দ্বিতীয়টো ভাবুকী

ডিজিটেল ডেস্ক : প্ৰাক্তন ক্ৰিকেটাৰ তথা পূব দিল্লীৰ বিজেপিৰ সাংসদ গৌতম গম্ভীৰে দ্বিতীয়বাৰৰ বাবে ভাবুকী লাভ কৰিছে পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনৰ পৰা৷ উল্লেখ্য যে বুধবাৰে ‘ISIS কাশ্মীৰ’ৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰাৰ কিছু সময়ৰ পাছতে দ্বিতীয়বাৰৰ বাবে মৃত্যুৰ ভাবুকীhttps://pragnews.com/as/prag-horoscope-li/ লাভ কৰিছে সাংসদগৰাকীয়ে।

“isiskashmir@gmail.com” নামৰ ই-মেইলৰ পৰা অহা ভাবুকীৰ সন্দৰ্ভত ইতিমধ্যে সাংসদগৰাকীয়ে দিল্লী আৰক্ষীৰ কাষ চাপিছে। ইতিমধ্যে প্ৰথমটো ভাবুকী লাভৰ পাছতে গম্ভীৰৰ বাসগৃহত নিৰাপত্তা কটকটিয়া কৰা হৈছে বুলি জানিবলৈ দিয়ে দিল্লী আৰক্ষীয়ে৷

উল্লেখ্য যে বিজেপি সাংসদগৰাকীয়ে পাকিস্তানৰ পৰা সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদৰ সৰৱ সমালোচনা কৰি আহিছে। গম্ভীৰলৈ অহা দ্বিতীয়টো ভাবুকীত উল্লেখ কৰে যে, “আমি আপোনাক হত্যাৰ লক্ষ্য কৰিছো৷ কিন্তু বাছি গ’ল কালি৷ যদিহে আপুনি আপোনাৰ পৰিয়ালৰ জীৱনক ভাল পায়, তেন্তে ৰাজনীতি আৰু কাশ্মীৰ বিষয়টোৰ পৰা আঁতৰি থাকক৷” ইয়াৰ উপৰি দ্বিতীয়টো মেইলত গৌতম গম্ভীৰৰ দিল্লীৰ বাসগৃহৰ বাহিৰৰ কিছু দৃশ্যেও প্ৰেৰণ কৰে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular