spot_img
25 C
Guwahati
25 C
Guwahati
মঙলবাৰ, অক্টোবৰ 19, 2021
Homeক্ৰীড়াধোনীৰ চেন্নাই চেম্পিয়ন হোৱাতো নিবিচাৰে গৌতম গম্ভীৰে, কিন্তু কিয়?

ধোনীৰ চেন্নাই চেম্পিয়ন হোৱাতো নিবিচাৰে গৌতম গম্ভীৰে, কিন্তু কিয়?

নতুন দিল্লীঃ ভাৰতৰ প্ৰাক্তন বেটছমেন গৌতম গম্ভীৰে বলীউড ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ ফ্ৰেঞ্চাইজি কলকাতা নাইট ৰাইডাৰ্ছক দুটা আইপিএল খিতাপ প্ৰদান কৰিছে। কেকেআৰৰ প্ৰাক্তন অধিনায়কজনে চলিত আইপিএলত চেন্নাই ছুপাৰ কিংছ চেম্পিয়ন হোৱাটো বিচৰা নাই। আইপিএলৰ চতুৰ্দশ ছিজনত কোন চেম্পিয়ন হ’ব পাৰে সেই সন্দৰ্ভত আলোচনাত অংশগ্ৰহণ কৰি ভাৰতৰ বিশ্বকাপ বিজয়ী দলৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ গৌতম গম্ভীৰে কয়, ‘মোৰ মনটোৱে বিচাৰে কেকেআৰ জয়ী হওক। কেকেআৰ-এ ট্ৰফী হাতত তুলি লোৱাতো মই বিচাৰো। কিন্তু এইটোও ঠিক, এইবাৰ এটা নতুন দল চেম্পিয়ন হ’লে বৰ ভাল লাগিব।’


ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছত ৰাজনীতিৰ পথাৰত ভৰি থোৱা সাংসদ সদস্য গম্ভীৰৰ স্পষ্টমত। এইবাৰ আইপিএলৰ খিতাপ মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছ আৰু ইয়’ন মৰ্গান নেতৃত্বাধীন কলকাতা নাইট ৰাইডাৰ্ছৰ পৰিৱৰ্তে দিল্লী কেপিটেলছ বা বিৰাট কোহলীৰ নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে আইপিএল খিতাপ দখল কৰাটো বিচাৰিছে। উল্লেখ্য যে, ২০০৯, ২০১১ আৰু ২০১৬ত তিনিখন আইপিএল ফাইনেলত বিৰাট কোহলীয়ে বেংগালুৰুক নেতৃত্ব দিছিল। ইফালে একেদশা দিল্লীৰো। আইপিএলৰ অন্তিম ছিজনত প্ৰথমবাৰৰ বাবে ফাইনেলত উপনীত হোৱাৰ পাছতো দিল্লী কেপিটেলছে খিতাপৰ সোৱাদ পোৱা নাছিল।


দিল্লী এইবাৰো ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা আছে। কোনটো দলে ফাইনেলত উপনীত হয় সেয়া দ্বিতীয় কোৱালিফায়াৰেহে নিশ্চিত কৰিব। স্মৰ্তব্য যে, চেন্নাই ছুপাৰ কিংছে ২০১০, ২০১১ আৰু ২০১৮ত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত আইপিএল খিতাপ জিকিছিল। আনহাতে, কেকেআৰে ২০১২ আৰু ২০১৪ চনত গৌতম গম্ভীৰৰ অধীনত দুবাৰকৈ আইপিএল খিতাপত চুমুক দিবলৈ সক্ষম হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular