spot_img
18 C
Guwahati
18 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeআন্তঃৰাষ্ট্ৰীয়ছোৱালী হোৱাৰ হেঁপাহ!লিংগ পৰিৱৰ্তন নকৰাকৈ প্লাষ্টিক ছাৰ্জাৰী কৰি যুৱকে ল'লে এই ৰূপ

ছোৱালী হোৱাৰ হেঁপাহ!লিংগ পৰিৱৰ্তন নকৰাকৈ প্লাষ্টিক ছাৰ্জাৰী কৰি যুৱকে ল’লে এই ৰূপ

ডিজিটেল ডেস্কঃ আজিকালি অদ্ভূত অদ্ভূত ফেশ্বনৰ প্ৰতি যুৱচামৰ একাংশ বৰকৈ আকৰ্ষিত হোৱা দেখা যায়। জাৰ্মানীৰ এজনে যুৱকে ফেশ্বনৰ নামত যি কৰিলে সেয়া শুনিলে আপোনাৰ চকু কপালত উঠিব। নিজকে যুৱতীৰ দৰে সজাবলৈ যুৱকজনে কৰিলে প্লাষ্টিক ছাৰ্জাৰী তাৰ বাবে তেওঁ খৰচ কৰিলে ৫৮ লাখ টকা। যুৱকজনৰ নাম পেট্ৰিক মাষ্ট। ২৭ বছৰীয়া পেট্ৰিক বাস কৰে জাৰ্মানীৰ ফ্ৰেংকফুর্টত। পেট্ৰিকৰ নতুন ৰূপ দেখি সকলো লোক আচৰিত হৈ পৰিছে।

তেওঁ নিজে নক’লে কোনেও গমেই নাপায় যে পেট্ৰিক প্ৰকৃততে এজন ল’ৰাহে। পেট্ৰিকে লিংগ পৰিৱৰ্তন কৰা নাই আৰু তেওঁ কেতিয়াও লিংগ পৰিৱৰ্তন কৰিব নিবিচাৰে। মাত্ৰ তেওঁ দেখাতহে যুৱতীৰ দৰে হ’ব বিচাৰিছিল। নিজৰ মনৰ ইচ্ছা পূৰণ কৰিবলৈ পেট্ৰিকে বোটক্স, ফিলাৰ্চ আৰু প্লাষ্টিক ছাৰ্জাৰী কৰাইছিল। চেহেৰা সলনি কৰিবলৈ তেওঁ এটা কঠিন প্ৰক্ৰিয়াৰ মাজেৰে যাব লগা হৈছিল। পেট্ৰিকৰ ব্লিচ কৰা সোণালী চুলি, দীঘল চকুৰ পতা আৰু ওঁঠ দেখি কাৰো জনাৰ সাধ্য নাই যে তেওঁ এজন যুৱক হে যুৱতী নহয়।

আৰু পঢ়কঃ অভিযন্তাৰ চাকৰি এৰি কৃষক হ’ল দুই যুৱক! বছৰি উপাৰ্জন ২ কোটিতকৈও অধিক

১৮ বছৰ বয়সতে তেওঁৰ মনত যুৱতীৰ দৰে জীৱন যাপন কৰা সপোনে পোখা মেলিছিল। পেট্ৰিকে এই সন্দৰ্ভত কয় যে, ”মই যুৱতী আৰু পুতলাৰ চেহেৰাটো ভাল পাওঁ। সেয়েহে ময়ো তেনেকুৱা হোৱাৰ কথা ভাবিলোঁ। মই মোৰ চেহেৰাটো সলাবৰ বাবে বহু টকা খৰচ কৰি প্লাষ্টিক ছাৰ্জাৰী কৰিছোঁ । মানুহে মোৰ কথা কি ভাবে বা কি কয় সেয়া মোৰ দৰকাৰ নাই। মোৰ মনে য’ত সুখ বিচাৰি পায় মই সেয়াই কৰিম।” উল্লেখ্য যে পেট্ৰিকৰ এবাৰ বিবাহ বিচ্ছেদ ঘটিছে। এতিয়া তেওঁ এনে এজন জীৱনসংগীৰ সন্ধানত আছে যাৰ পেট্ৰিকৰ প্লাষ্টিকৰ চেহেৰাক লৈ কোনো সমস্যা নাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular