spot_img
27 C
Guwahati
27 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeআঞ্চলিকওজাক দাঙি দলিয়াই দিয়ে, ডাক্তৰো বিফল; উত্তৰ গুৱাহাটীত এতিয়া ভূতৰ ৰাজ!

ওজাক দাঙি দলিয়াই দিয়ে, ডাক্তৰো বিফল; উত্তৰ গুৱাহাটীত এতিয়া ভূতৰ ৰাজ!

ডিজিটেল ডেস্কঃ উত্তৰ গুৱাহাটীত ভূত ওলাইছে! ভূতৰ সন্ত্ৰাসত ফুত গধুলিতে ঘৰ সোমায় কৃষ্ণনগৰৰ আবাসীসকল। এদিন দুদিন নহয়, বিগত ডেৰ মাহেই জুমন হাজৰিকা নামৰ এজন যুবকক হেনো ভূতে ক্ৰিয়া কৰি আছে। ডৰ্জনে ডৰ্জনে ওজা আনিও ভূত খেদিব পৰা নাই কৃষ্ণনগৰৰ পদুম দাসৰ ঘৰৰ পৰা। বৰঞ্চ ভূতে হেনো ওজাকে দাঙি দলিয়াই দিলে।

প্ৰথমতে তোলাৰাম বাফনা চিকিৎসালয়লৈ নিয়া হৈছিল জুমন হাজৰিকাক। পৰীক্ষা-নিৰীক্ষা কৰি চিকিৎসকে সম্পূৰ্ণ সুস্থ বুলি ঘৰলৈ পঠিয়াই দিয়ে জুমনক। চিকিৎসালয়ৰ পৰা অহাৰ পাছতো জুমনৰ অস্বাভাৱিক আচৰণৰ পৰিবৰ্তন নহাত উপায়ন্তৰ হৈ বেজ-কবিৰাজৰ শৰণাগত হয় পৰিয়ালটি। ভূতৰ উৎপাতত জুমনৰ পৰিয়ালেই নহয়, অঞ্চলটোৰ আন লোকসকলেও শান্তিৰে খাব-শুব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। কেৱল জুমনেই নহয়, তেওঁলোকৰ প্ৰতিবেশী আত্মীয়ৰ ঘৰৰ কিশোৰ এজনো ভূতৰ কৱলত পৰা বুলি পৰিয়ালৰ লোকে জনায়। জ্যেষ্ঠ ভগ্নী কলেজৰপৰা ঘৰ সোমোৱাৰ পাছতে কিশোৰগৰাকী অসুস্থ হয় আৰু অস্বাভাৱিক আচৰণ কৰিবলৈ লয়। ছাত্ৰীগৰাকীয়ে এতিয়া লগত জলকীয়া, সৰিয়হ লৈও হেনো ভূতৰ পৰা ৰক্ষা পৰা নাই।

একবিংশ শতিকাৰ বিজ্ঞানৰ যুগত মানুহে ভূত-প্ৰেতৰ কথা বিশ্বাস নকৰে যদিও উত্তৰ গুৱাহাটীৰ ঘটনাই দোমোজাত পেলাইছে। জুমনহঁতৰ অস্বাভাৱিক আচৰণত অলৌকিক অদৃশ্য শক্তিক নুই কৰিব পৰা নাই অঞ্চলবাসীয়ে। ভৌতিক কৰ্মকাণ্ডত এতিয়া নিদ্ৰা হৰিছে অঞ্চলবাসীৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular