Notice: Undefined index: path in /var/www/vhosts/pragnews.com/domains/pragnews.com/public_html/wp-content/themes/Newspaper/functions.php on line 156
spot_img
25 C
Guwahati
25 C
Guwahati
বুধবাৰ, অক্টোবৰ 20, 2021
Homeআঞ্চলিকবিশালক হানি খুচি হত্যা ! ছাইদুললৈ সন্দেহৰ আঙুলি

বিশালক হানি খুচি হত্যা ! ছাইদুললৈ সন্দেহৰ আঙুলি

গুৱাহাটী : বুধবাৰে নিশা মহানগৰীত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড৷ ভঙাগড় নেমকেয়াৰ হাস্পতালৰ সমীপত হোৱা হত্যাকাণ্ডই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিশাল ৰয় নামৰ এজন যুৱকক হানি খুচি হত্যা কৰে দুৰ্বৃত্তই। দোকান দি পৰিয়াল পোহপাল দিয়া বিশালৰ মৃত্যুৰ পাছতে এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷

কেইটামান টকাৰ বাবেই হত্যা কৰাৰ সন্দেহ বিকাশৰ পৰিয়ালৰ। পৰিয়ালৰ লোকৰ সন্দেহ মতে বিশালৰ বন্ধু ছাইদুলে হত্যা কৰিছে বিশালক। সেই অভিযোগৰ ভিত্তিতেই বহুকেইটাক আটক কৰিছে ভঙাগড় আৰক্ষীয়ে। ডিচিপি শুভ্ৰজ্যোতি বৰাৰ নেতৃত্বত চলা এই অভিযানত নিশাই আটক কৰা হৈছে বহুকেইজনক।

উল্লেখ্য যে হত্যাকাণ্ড সংঘটিত হোৱা অঞ্চলত দীৰ্ঘদিন ধৰি ড্ৰাগছ আৰু মদৰ আড্ডা চলে বুলি মন্তব্য কৰে পৰিয়ালৰ লোকে৷ এই বিষয়ে ভঙাগড় আৰক্ষীয়ে জনাৰ পাছতো কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular