গাৰ্লফ্ৰেণ্ডক লৈ গোৱা যাবলৈ মন;নাই হাতত ধন! গভাইত চোৰ হৈ পৰিল দুই বয়ফ্ৰেণ্ড

0
3552
গোৱা

ডিজিটেল ডেস্কঃ প্ৰেমৰ ৰঙীন পৃথিৱীত মতলীয়া দুই যুৱক। দুয়ো নিজৰ নিজৰ প্ৰেমিকাক লৈ সপোন ৰচাত ব্যস্ত। অ’ত ফুৰাবলৈ নিব..ত’ত খুৱাবলৈ নিব আদি কল্পনা কৰোতেই দিনটোৰ আধা সময় পাৰ হৈ দুয়োৰে। প্ৰেমিকাৰ মন ভাল লগাই থাকিবলৈ বহু কষ্ট কৰে এই দুই যুৱকে। এজনৰ নাম দীপক(১৯) আৰু এজনৰ নাম কৰণ (২৫)৷ যুৱক দুজনে প্ৰেমত ইমানেই মত্ত হৈ পৰিল যে অপৰাধ কৰিবলৈও কুণ্ঠাবোধ নকৰিলে৷ ঘটনাটো দিল্লীৰ।

দীপক আৰু কৰণে দুয়ো মিলি আলোচনা কৰিলে যে দুয়ো প্ৰেমিকাক গোৱালৈ ফুৰাবলৈ নিব৷ পৰিকল্পনা কৰিলে হয় কিন্তু হাতত নাই পইচা৷ উপায় নাপায় দুই বন্ধু নামিল চুৰি কাৰ্যত। গভাইত চোৰৰ দৰে দীপক আৰু কৰণে চুৰি কৰিলে চাৰিখন স্কুটী আৰু এখন বাইক। দিল্লী আৰক্ষীয়ে চুৰি কাৰ্যৰ তদন্ত কৰাৰ পিছত জালত পৰে দীপক আৰু কৰণ৷

আৰক্ষীয়ে দুয়োকে আটক কৰাৰ পিছত নগদ ৯৫০০ টকা আৰু দুটা চুৰি মোবাইল ফোনো জব্দ কৰে৷ আৰক্ষীৰ জেৰাত দুই প্ৰেমিকে স্বীকাৰ কৰে যে প্ৰেমিকাক সুখী কৰাৰ স্বাৰ্থতে এই বেয়া পথত ভৰি দিবলগীয়া হ’ল৷ প্ৰেমিকাক গোৱালৈ ফুৰাবলৈ নিয়া সপোন পৰিণত হল ফুটুকাৰ ফেনত…এতিয়া দুয়ো সোৱাদ লৈছে ৰঙাঘৰৰ ভাতৰ..হায় ৰে পাগল প্ৰেমিক৷