spot_img
27 C
Guwahati
27 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeআঞ্চলিকGMCৰ কঠোৰ নিৰ্দেশনা; বিউটি চেলুনত বিপৰীত লিংগই দিব নোৱাৰিব মালিচ

GMCৰ কঠোৰ নিৰ্দেশনা; বিউটি চেলুনত বিপৰীত লিংগই দিব নোৱাৰিব মালিচ

ডিজিটেল ডেস্কঃ বিউটি পাৰ্লাৰ, ইউনিছেক্স চেলুন, স্পাৰ ক্ষেত্ৰত কঠোৰ হৈছে গুৱাহাটী পৌৰ নিগম অৰ্থাৎ GMC। এই সমূহৰ ক্ষেত্ৰত কিছু বাধ্যতামূলক নিৰ্দেশনা জাৰি GMCৰ। বিউটি পাৰ্লাৰ, চেলুন আদিত অনৈতিক কাৰ্যকলাপ চলি থকা বুলি বহুদিনৰে পৰা ৰাইজৰ বিভিন্ন অভিযোগ পাই অহাৰ পাছতে এতিয়া কঠোৰ হৈছে GMC। যাৰ পিছতে এক বিজ্ঞপ্তি যোগে কিছু বাধ্যতামূলক নীতি-নিৰ্দেশনা জাৰি কৰে GMC-এ। এতিয়াৰ পৰা স্পা, পাৰ্লাৰ, ইউনিছেক্স চেলুনত বিপৰীত লিংগই দিব নোৱাৰিব মালিচ বা মাছাজ।পুৰষে পুৰুষক আৰু মহিলাই মহিলাকহে দিব পাৰিব মালিচ। নিৰ্দেশনা অনুসৰি-

১)পাৰ্লাৰ বা চেম্বাৰৰ ভিতৰত কোনো বিশেষ আছুতীয়া কোঠা থাকিব নোৱাৰিব।

২)মুখ্য দ্বাৰ স্বচ্ছ হোৱা বাধ্যতামূলক।

৩)স্পা বা ইউনিচেক্স চেলুনৰ ক্ষেত্ৰত যোগ্য থেৰাপিষ্ট থাকিব লাগিব।

৪)একে লিংগৰ হ’লেহে থেৰাপি বা মালিচ দিব পাৰিব।

৫)বাথটাবৰ ক্ষেত্ৰতো বিপৰীত লিংগই ধুৱাব নোৱাৰিব গা।

৬)প্ৰত্যেকগৰাকী গ্ৰাহকৰ ফোন নম্বৰ ৰাখিব লাগিব স্পা চেলুন আৰু পাৰ্লাৰসমূহে।

আৰু পঢ়কঃ তিনিমহলীয়া ঘৰ আৰু কোটি টকাৰ সম্পত্তি ৰিক্সাচালকক দান কৰিলে মহিলাই! কিন্তু কিয়?

উল্লেখ্য যে ইউনিছেক্স চেলুন, স্পা চেলুন তথা বিউটি পাৰ্লাৰসমূহত অনৈতিক কাৰ্য তথা ব্যভিচাৰ চলাৰ অভিযোগ প্ৰায়ে উত্থাপিত হয়। এই ক্ষেত্ৰত জিএমচিয়ে গ্ৰহণ কৰা পদক্ষেপক সচেতন লোকসকলে আদৰণি জনাইছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular