spot_img
25 C
Guwahati
25 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeআঞ্চলিককঠোৰ গুৱাহাটী পৌৰনিগম: লেতেৰা কৰিলে শাস্তি, খবৰ দিওতালৈ পুৰস্কাৰ

কঠোৰ গুৱাহাটী পৌৰনিগম: লেতেৰা কৰিলে শাস্তি, খবৰ দিওতালৈ পুৰস্কাৰ

গুৱাহাটী: সুন্দৰকৈ সজাই তোলা চহৰখন একাংশ লোকৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই লজ্জিত হ’ব লগা হয়৷ তামুলৰ পিক, বিভিন্ন পোষ্টাৰেৰে এসপ্তাহৰ ভিতৰতে ভৰাই তোলে আটকধুনীয়াকৈ সজাই তোলা ৰাজহুৱা স্থানসমূহ৷ গুৱাহাটী মহানগৰীত মুকলি কৰা উৰণীয়া সেতুসমূহ ভৰি পৰিছে পিক আৰু পোষ্টাৰেৰে৷ বহু শিল্পীয়ে কৰা অহৰহ প্ৰচেষ্টাত নিকৃষ্ট মানসিকতাৰ কাৰু-কাৰ্যক নিয়ন্ত্ৰণৰ বাবে গুৱাহাটী পৌৰ নিগমে ল’ব কিছু ব্যৱস্থা৷ আজি পৌৰনিগমৰৰ আয়ুক্ত দেৱাশিস শৰ্মাই এক সংবাদমেলযোগে জানিবলৈ দিয়ে এই কথা৷

সংবাদমেলযোগে তেওঁ কয় যে, গুৱাহাটী মহানগৰ চাফ-চিকুণকৈ ৰাখিবলৈ জিএমচিয়ে সদায় চেষ্টা কৰি আহিছে৷ কিন্তু এচাম কাণ্ডজ্ঞানহীন লোকে পোষ্টাৰ লগাই আৰু পিক পেলাই কদৰ্যময় কৰি পেলায়৷ আজিৰেপৰা গুৱাহাটীৰ ভিতৰত যদি অবৈধভাৱে পোষ্টাৰ লগাই, তেন্তে জিএমচিৰ এক্টৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে৷

কোনো লোকে যদি গুৱাহাটীৰ ভিতৰত পৌৰ নিগমৰ অনুমতি নোলোৱাকৈ পোষ্টাৰ লগোৱা দেখে তেন্তে জিএমচিৰ তলত ফ্ৰি নম্বৰত ফটো তুলি দিবলৈ আহ্বান জিএমচিৰ আয়ুক্তৰ। লগতে যিসকল সচেতন ব্যক্তিয়ে এনে ফটো পথাব তেওঁলোকক ১০০০ টকাকৈ পুৰস্কৃত কৰিব জিএমচিয়ে৷

ইয়াৰ উপৰি নতুন উৰণীয়া সেতুত জন্মদিন উদযাপন কৰি সামাজিক মাধ্যমত দিয়া মহিলাগৰাকীৰ বিৰুদ্ধে জিএমচিয়ে ব্যৱস্থা গ্ৰহণ কৰিব৷ যদিহে মহিলাগৰাকীৰ বিৰুদ্ধে কোনো ব্যক্তিয়ে আৰক্ষী থানাত গোচৰ দিয়ে৷

8811007000
7399003001
7399003002
7399003004

GMC ৰ এই নম্বৰকেইটাত গুৱাহাটীত কোনো লোকে পিকুৱা অথবা লেতেৰা কৰাৰ ফটো পথাব পাৰিব।ফটো পথোৱা ব্যক্তিক GMC ৰ ফালৰ পৰা ১০০০ টকাকৈ পুৰস্কৃত কৰা হব৷ বৰ্তমান যি সমূহ ঠাইত পোষ্টাৰ লগোৱা আছে সেই সমূহ আতঁৰাই নিবলৈ ১৫ দিনৰ সময়সীমা দিছে৷ গুৱাহাটীত ব্যক্তিগত হাস্পতালৰ বিৰুদ্ধে যি অভিযান চলিছে সেই অভিযান চলি যাব আৰু পৌৰ নিগমে পাবলগীয়া ৰাজহ সংগ্ৰহ কৰিব৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular