spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআঞ্চলিকওলমি ৰ'ল গুৱাহাটীৰ পানী যোগান আঁচনি, আৰু আঢ়ৈ বছৰ বাট চাব লাগিব

ওলমি ৰ’ল গুৱাহাটীৰ পানী যোগান আঁচনি, আৰু আঢ়ৈ বছৰ বাট চাব লাগিব

গুৱাহাটী : গুৱাহাটীৰ জনসাধাৰণে পুনৰ বাট চাব লাগিব বিশুদ্ধ খোৱাপানীৰ বাবে৷ নানা আঁচনি গ্ৰহণৰ পাছতো সম্ভৱ হৈ উঠা নাই মহানগৰবাসীক খোৱাপানী যোগান। আজি সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে মহানগৰীৰ উন্নয়নৰ বহু কথা উল্লেখ কৰে৷ বিশেষকৈ দীৰ্ঘদিনে সন্মুখীন হৈ থকা খোৱাপানীৰ সমস্যা সমাধানৰ বাবে ব্যৱস্থা ল’ব বুলিও মন্ত্ৰী অশোক সিংঘালে মন্তব্য কৰে৷ অৱশ্যে খোৱাপানী সমস্যা সমাধানৰ বাবে অপেক্ষা কৰিব লাগিব আঢ়ৈ বছৰ৷ আগন্তুক মাৰ্চ মাহৰ পৰা পাৰ্চিয়েল স্থান বিশেষে যোগান হ’ব পানী৷ মহানগৰীৰ বিকল WATER ATMৰ হ’ব ব্যক্তিগত কৰণ৷ ব্যক্তিগত খণ্ডই নিয়ন্ত্ৰণ কৰিব water ATMসমূহ৷


মহানগৰীৰ ১০২ টা স্থানত হ’ব অত্যাধুনিক ট্ৰফিক লাইট আৰু ট্ৰফিক ছিগনেল ভংগ কৰিলে E চালানৰ ব্যৱস্থা কৰিছে৷ পূৰ্বৰ মন্ত্ৰীক সমালোচনা কৰি মন্ত্ৰী সিংঘালে কয় যে এতিয়াৰ পৰা সঠিকভাৱে ব্যয় হ’ব GMCৰ ধন৷ ৬০ লাখ টকা ব্যয় সাপেক্ষে ক্ৰয় কৰা বিকল ৰৱটক লৈ মন্তব্য অশোক সিংঘালৰ

GMCৰ স্পা চেলুন সন্দৰ্ভত জাৰী কৰা নিৰ্দেশনাক লৈ অৱগত নহয় অশোক সিংঘাল৷ বৈধভাৱে ব্যৱসায় কৰা সকলৰ বিপদ নহয়, অবৈধ কোনো কাম আমি চলিব নিদিও বুলি মত প্ৰকাশ কৰে অশোক সিংঘালে৷ লগতে মহানগৰীৰৰ কৃত্ৰিম বান নিয়ন্ত্ৰণক লৈ GMDAয়ে বিশেষ ব্যৱস্থা কৰিছে বুলি উল্লেখ কৰে৷ মাৰ্চৰ ভিতৰত ৩০% কৃত্ৰিম বান ৰোধ হব বুলি কয় মন্ত্ৰীগৰাকীয়ে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular