Google search engine
25.5 C
Guwahati
Sunday, August 1, 2021
Google search engine
Homeআঞ্চলিকজিএমচিএইচত আজিৰেপৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ ক’ভিডৰ টিকাকৰণ

জিএমচিএইচত আজিৰেপৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ ক’ভিডৰ টিকাকৰণ

গুৱাহাটীঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সোমবাৰৰপৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ ক’ভিডৰ টিকাকৰণ প্ৰক্ৰিয়া। আজি প্ৰথম দিনটোত ৩০গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে টিকাকৰণ। ৬০ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিক সামৰি লোৱা হৈছে এই তৃতীয় পৰ্যায়ৰ টিকাকৰণ প্ৰক্ৰিয়াত।

আৰু পঢ়িব পাৰিব : দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰিয়ংকা গান্ধী, অংশ ল’ব প্ৰতিবাদী কাৰ্যসূচীতো

সকলো লোকে নিজৰ পৰিচয় পত্ৰ লৈ গ্ৰহণ কৰিব পাৰিব ক’ভিডৰ টিকা। জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই জানিব দিয়া অনুসৰি প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ টিকাকৰণৰ সফল সমাপ্তিৰ পাছত তৃতীয় পৰ্যায়ৰ টিকাকৰণ আৰম্ভ হৈছে। বৰ্তমান সময়লৈকে সফলভাৱে চলি আছে এই প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ত স্বাস্থ্য বিভাগৰ সৈতে জড়িত ২৯৬৪গৰাকী কৰ্মচাৰীক প্ৰদান কৰা হয়। একেদৰেই দ্বিতীয় পৰ্যায়ত ৫৬৫ গৰাকীক জিএমচিএইচত প্ৰদান কৰা হৈছিল ক’ভিড টিকা।

আৰু পঢ়িব পাৰিব : গামোচা পিন্ধি ভেকচিন ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে : দেশজুৰি গণ ভেকচিন কাৰ্যসূচী আৰম্ভ…

উল্লেখ্য যে সপ্তাহত সোমবাৰৰ পৰা শুকুৰবাৰলৈ ধাৰাবাহিকভাৱে চলি থাকিব টিকাকৰণ প্ৰক্ৰিয়া। নিজ ইচ্ছা অনুসৰি গ্ৰহণ কৰিব পাৰিব টিকাকৰণ। আনহাতে স্বাস্থ্য সংক্ৰান্তীয় কোনো জটিল ৰোগ তথা দুৰ্বল ব্যক্তিক প্ৰদান কৰা নহয় টিকাকৰণ-এইদৰে জিএমচিএইচৰ অধীক্ষক শৰ্মাই মন্তব্য কৰে।

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
25.5 ° C
25.5 °
25.5 °
96 %
0.7kmh
100 %
Mon
31 °
Tue
31 °
Wed
30 °
Thu
33 °
Fri
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular