spot_img
30 C
Guwahati
30 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকমিনি দিছপুৰলৈ যাব নেকি? অপেক্ষা কৰক ৩০ ছেপ্টেম্বৰলৈ... কি এই মিনি দিছপুৰ?

মিনি দিছপুৰলৈ যাব নেকি? অপেক্ষা কৰক ৩০ ছেপ্টেম্বৰলৈ… কি এই মিনি দিছপুৰ?

ডিজিটেল ডেস্ক : দিছপুৰ হৈছে অসমৰ ৰাজনৈতিক প্ৰাণকেন্দ্ৰ৷ অসমৰ ৰাজধানী দিছপুৰত উত্থান-পতন হয় ৰাজনৈতিক সপোনৰ৷ দিছপুৰৰ সিদ্ধান্তই সলনি কৰে অসমৰ ভৱিষ্যত৷ পৰিৱৰ্তনৰ পৰা উন্নয়ণলৈ সকলোৰে মুখ্য পটভূমি হৈ ৰয় দিছপুৰ৷ পিছে এইবাৰ এইখন অসমতেই চৰ্চালৈ আহিছে মিনি দিছপুৰৰ কথা৷ কিন্তু ক’ত আছে এই মিনি দিছপুৰ৷ আপুনি জানেনে মিনি দিছপুৰৰ নাম পাইছে অসমৰ এখন জিলাই৷ জিলাখন হৈছে ধেমাজি৷ ন-কইনাৰ ৰূপত সজাই তোলা হৈছে ধেমাজিক। নোৱাইছে-ধুৱাইছে ধেমাজিক। সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে জিলাখনৰ ওপৰত৷ চলিছে মাথোঁ জিলাখনক আটক ধুনীয়াকৈ সজোৱাৰ চেষ্টা৷ 

Photo Credit : PragNew

কোনোৱে যদি ধেমাজিৰ পথত ৰঙ সানিছে, কোনোৱে আকৌ খুট নথকাকৈ পৰিস্কাৰ কৰিছে বাট পথ৷ পথৰ কাষৰ গছকেইজোপাকো বাদ দিয়া হোৱা নাই৷ মাথোন ধেমাজিক সজোৱাক লৈ এতিয়া ব্যস্ত প্ৰশাসন৷ কাৰণ ধেমাজিত পোন-প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব  বিজেপি নেতৃত্বাধীন চৰকাৰৰ কেবিনেট বৈঠক। বানে ধোৱা ধেমাজি পৰিণত হ’ব এদিনৰ দিছপুৰত।  ৩০ ছেপ্টেম্বৰ হৈ ৰ’ব ধেমাজিৰ বাবে ইতিহাস। ইফালে ধেমাজি উপায়ুক্ত কাৰ্যালয়, আৱৰ্ত ভৱন, ধেমাজিৰ ৰাস্তা-ঘাট আদিকে ধৰি সকলো চৰকাৰী কাৰ্যালয় এতিয়া চূণ তেল দি সজাই তোলা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ কেবিনেটক আদৰিবলৈ সাজু ধেমাজি প্ৰশাসন। এই প্ৰস্তুতিৰ মাজতে আছুৱে দাবী কৰিছে জলবোমাসদৃশ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ সন্দৰ্ভত অসম চৰকাৰে ধেমাজিতেই স্থিতি ঘোষণা কৰক। 

Photo Credit : PragNews

বান-খহনীয়াই সৰ্বস্বান্ত কৰা জিলাখনৰ বান সমস্যাৰ স্থায়ী সমাধানৰ আলোচনাই স্থান‌ পাওক কেবিনেট বৈঠকত। ধেমাজিৰ স্বাভিমান পবা বনাঞ্চলক অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰা হওক। শিক্ষা, স্বাস্থ্য, পৰ্যটন, নিবনুৱা সমস্যা, টোলগেট, সীমা সমস্যা আদিৰ বিষয়ে কেবিনেটত আলোচনা হ‌ওক আৰু  ধেমাজিলৈ ১০০০ কোটি টকাৰ বিশেষ পেকেজ ঘোষণাৰ দাবীও তুলিছে ধেমাজি জিলা ছাত্ৰ সন্থাই। পিছে ৩০ ছেপ্টেম্বৰ কেবিনেট বৈঠকে ধেমাজিক কি দি থৈ যায় সেয়া লক্ষণীয় হৈ ৰ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular