spot_img
15.6 C
Guwahati
15.6 C
Guwahati
বৃহস্পতিবাৰ, জানুৱাৰী 20, 2022
Homeৰাজনৈতিকপ্ৰাক্তন কংগ্ৰেছী, বিজেপি নেতাক লৈ গোৱা জয় কৰিব আম আদমী পাৰ্টীয়ে! কোন...

প্ৰাক্তন কংগ্ৰেছী, বিজেপি নেতাক লৈ গোৱা জয় কৰিব আম আদমী পাৰ্টীয়ে! কোন আছে প্ৰথম তালিকাত?

ডিজিটেল ডেস্ক : গোৱা নিৰ্বাচনৰ বাবে প্ৰথনখন দহজনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে আম আদমী পাৰ্টীয়ে। আপ নেত্ৰী আতিশীয়ে এই দহজন প্ৰাৰ্থীৰ নাম আজি প্ৰকাশ কৰে। মন কৰিবলগীয়া যে, এই দহজনীয়া তালিকাত দুই প্ৰাক্তন বিজেপি নেতা তথা প্ৰাক্তন মন্ত্ৰীও আছে। তেওঁলোক হৈছে এলিনা ছালডানহা আৰু মহাদেৱ নাইক। ছালডানহা আৰু নাইকক ৰাজ্যখনৰ কোৰ্টালিম আৰু শ্বিৰোদা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতাৰ বাবে নিৰ্বাচন কৰা হৈছে। আন দুগৰাকী প্ৰাক্তন বিজেপি নেতাও এই তালিকাত আছে।

তেওঁলোকৰ ভিতৰত প’ৰিয়েম সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিশ্বজিৎ কে ৰানে আৰু আনজন হৈছে সত্যবিজয় নাইক। সত্যবিজয় নাইকক ভালপোয়ী আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে নিৰ্বাচন কৰা হৈছে। এই সমষ্টিটোক এতিয়া প্ৰতিনিধিত্ব কৰি আছে গোৱাৰ স্বাস্থ্যমন্ত্ৰী বিশ্বজিৎ ৰানেই। ইফালে, কংগ্ৰেছ নেতা প্ৰতিমা কৌটিনহোক নাৱেলীম সমষ্টিৰ পৰা, ৱেঞ্জী ৱিগাছক বেনাউলিয়াম সমষ্টিৰ পৰা, অমিত পালেকাৰক ছাণ্টা ক্ৰুজৰ পৰা প্ৰেমানন্দ নানোছকাৰক ডাবোলিম আৰু অভিজিৎ দেশাইক ছেংগাম, ডমনিক গানকাৰক ৰাইয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতাৰ বাবে মনোনীত কৰিছে দলটোৱে।

উল্লেখ্য যে, আম আদমী পাৰ্টীয়ে সমাগত বিধানসভা নিৰ্বাচনত অকলশৰেই প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত ৩৮খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি আপে এখন আসনতো জয়লাভ কৰিব পৰা নাছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular