spot_img
15 C
Guwahati
15 C
Guwahati
বৃহস্পতিবাৰ, ডিচেম্বৰ 2, 2021
Homeআঞ্চলিকচিকিৎসালয়ৰ আইচিইউত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ পৰিস্থিতি...

চিকিৎসালয়ৰ আইচিইউত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ পৰিস্থিতি…

গোৱালপাৰা: গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ শিশুযত্ন কক্ষৰ আইচিইউত আজি সংঘটিত হয় আকস্মিক অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ পাছতে চিকিৎসালয়খনৰ আইচিইউত ভৰ্তি হৈ থকা ১৪টাকৈ কেঁচুৱাৰ মাতৃ-পিতৃ আৰু চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

জানিব পৰা মতে চিকিৎসালয়ৰ কক্ষত থকা ১৪টা কেঁচুৱাৰ ৩টা মাতৃৰ দুগ্ধপান কৰোৱাবলৈ লৈ যোৱাৰ প্ৰাকক্ষণতে সংঘটিত হৈছিল এই অগ্নিকাণ্ড। আইচিইউত জুই লগাৰ পূৰ্বে চিকিৎসক, চিকিৎসা কৰ্মী, নাৰ্ছ আৰু ১০৮ৰ কৰ্মকৰ্তাসকলে খিৰিকিৰে কেঁচুৱাকেইটিক উদ্ধাৰ কৰে।

অৱশ্যে জুই ভয়ংকৰ ৰূপ সৃষ্টি কৰাৰ পূৰ্বে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়৷ প্ৰাণৰ মমতাত চিকিৎসালয়খনৰ আইচিইউত থকা কেঁচুৱা আৰু প্ৰসূতিকক্ষৰ কেঁচুৱাবোৰক লৈ মাতৃ-পিতৃসকলে চিকিৎসালয়খনৰ বাৰাণ্ডা আৰু মুকলি ঠাইত আশ্ৰয় গ্ৰহণ কৰে। চিকিৎসালয়খনৰ আইচিইউত থকা কেঁচুৱাবোৰক আন এটা আইচিইউলৈ স্থানান্তৰ কৰে যদিও ১৪টাকৈ কেঁচুৱা আৰু এগৰাকী সন্তান সম্ভাৱনা মহিলাক গোৱালপাৰাৰ ছ’লেচ নাৰ্ছিং হোম আৰু ফ্ল’ৰেন্স নাৰ্ছিং হোমত ভৰ্তি কৰোৱায় অভিভাৱকে।

ইয়াৰে ছ’লেচ নাৰ্ছিং হোমৰ পৰা যমজ কেঁচুৱা দুটাক ইতিমধ্যে গুৱাহাটীলৈ প্ৰেৰণ কৰিছে চিকিৎসকে। চিকিৎসালয়খনত উপস্থিত হৈ জিলা উপায়ুক্ত মীনাক্ষী দাস নাথে অগ্নিকাণ্ডৰ ঘটনাৰ বুজ লয় আৰু ঘটনাৰ সন্দৰ্ভত তদন্ত ঘোষণা কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular