spot_img
13 C
Guwahati
13 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeআঞ্চলিকঅসমৰ প্রথমজন স্বাধীনতা সংগ্রামীৰ সামগ্ৰী সংৰক্ষণত ব্যস্ত পৰিনাতি

অসমৰ প্রথমজন স্বাধীনতা সংগ্রামীৰ সামগ্ৰী সংৰক্ষণত ব্যস্ত পৰিনাতি

ডিজিটেল ডেস্ক : অসমৰ ইতিসাহৰ আৰম্ভণী হৈছিল আহোমসকলৰ ৰাজত্বকালৰ সময়ছোৱাৰ পৰাই৷ ৬০০ বছৰীয়া আহোম ৰাজত্বকালত ৰজাই যুদ্ধ-বিগ্ৰহ তথা ৰাজত্বকালত ব্যৱহৃত বহু সামগ্ৰী লুপ্তপ্ৰায়৷ তেনে এক সময়তে আহোমৰাজত্ব কালৰ বহু হেৰাই যাব ধৰা সামগ্ৰী সংগ্ৰহ কৰি চৰ্চালৈ আহিছে এজন ব্যক্তি৷ আহোম ৰাজকোঁৱৰ গমধৰ কোঁৱৰৰ বিভিন্ন সামগ্ৰী সংৰক্ষণ কৰিছে লাকুৱাৰ এজন ব্যক্তিয়ে৷

ব্রিটিছৰ বিৰুদ্ধে যুঁজ দিয়া অসমৰ প্রথমজন স্বাধীনতা সংগ্রামী গমধৰ কোঁৱৰ। জন্ম হৈছিল ১৮০৭ চনত চৰাইদেউৰ লাকুৱাত। তেওঁৰ দেউতাকৰ নাম আছিল ফেনা কোঁৱৰ আৰু মাকৰ নাম আছিল জুটুলী। ফেনা কোঁৱৰ আহােম ৰাজবংশৰ লােক আছিল। মােৱামৰীয়া বিদ্ৰোহৰ সময়ত ফেনা কোঁৱৰে পত্নী জুটুলীক লৈ প্রথমে শিৱসাগৰৰ নাজিৰাৰ পৰা আহি জাঁজীৰ বামুণপুখুৰীত থাকিবলৈ লয়। মানৰ আক্ৰমণত স্বামীয়ে মৃত্যুক আকোৱালি লােৱাত পত্নী জুটুলীয়ে পুত্র-কন্যাক লৈ লাকুৱালৈ গুচি আহে। সেই সূত্রে গমধৰ কোঁৱৰ লাকুৱাতেই ডাঙৰ-দীঘল হয়। সাহসী আৰু স্বাধীনচেতীয়া মনৰ গমধৰ কোঁৱৰৰ বিদ্রোহে অসমবাসীক ব্রিটিছৰ কবলৰ পৰা অসমক উদ্ধাৰ কৰাৰ বাবে অনুপ্রাণিত কৰিছিল।

লাকুৱা ৰজাচুক কোঁৱৰ গাঁৱৰ নৰেন ৰাজকোঁৱৰে গমধৰ কোঁৱৰৰ হেংদাং, চৰিয়া আৰু গমধৰ কোঁৱৰ মাতৃয়ে পৰিধান কৰা এখন মেখেলা সংৰক্ষণ কৰি ৰাখিছে। নৰেন ৰাজকোঁৱৰ গমধৰ কোঁৱৰৰ পৰিনাতি। সেই উদ্দেশ্যে উত্তৰাধিকাৰী হিচাপে গমধৰ কোঁৱৰৰ হেংদাং, চৰিয়া, মাতৃয়ে ব্যৱহাৰ কৰা কপাহী সূতাৰ মেখেলা সংৰক্ষণ কৰিছে। বছৰ বছৰ ধৰি নৰেন ৰাজকোঁৱৰে গমধৰ কোঁৱৰৰ সংৰক্ষণ কৰা এই সমূহ বস্তু চাবলৈ বিভিন্ন অঞ্চলৰ পৰ্যটক আহে। বিভিন্ন প্ৰদৰ্শনীতো নৰেন ৰাজকোঁৱৰে এই সমূহ বস্তু প্ৰদৰ্শন কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular