Google search engine
28 C
Guwahati
Sunday, August 1, 2021
Google search engine
Homeআঞ্চলিকগৌৰৱান্বিতঃ আন্তঃৰাষ্ট্ৰীয় খিতাপ আঁজুৰিলে অসম কন্যাই

গৌৰৱান্বিতঃ আন্তঃৰাষ্ট্ৰীয় খিতাপ আঁজুৰিলে অসম কন্যাই

গুৱাহাটী: ‘ব্ৰীজ’ৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰলৈ আহিছে আন এক সু-বাৰ্তা! ২২-২৬ জুন, ২০২১লৈ সদ্যসমাপ্ত কানাডাত অনুষ্ঠিত চতুৰ্থ অ’টোৱা ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল এৱাৰ্ড (OIFFA-2021)ত ‘কৃষ্টি পথাৰ’ৰ বেনাৰত কৃপাল কলিতাৰ পৰিচালনাৰে নিৰ্মিত বহুল চৰ্চিত অসমীয়া পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ ‘ব্ৰীজ’ৰ মূল অভিনেত্ৰী শিৱাৰাণী কলিতাই লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান। উল্লেখযোগ্য যে, বিগত বৰ্ষত এই সন্মান লাভ কৰিছিল জনপ্ৰিয় অভিনেত্ৰী সীমা বিশ্বাসে।

লখিমপুৰ জিলাৰ ঢকুৱাখনা চহৰৰ শিৱাৰাণী কলিতাই অভিনয় কৰা ‘ব্ৰীজ’ৰ চৰিত্ৰটো প্ৰত্যাহ্বানমূলক, য’ত তেওঁ পথাৰত হালবোৱা, ভৰা নদীত কলৰ ভূৰ চলোৱাৰ দৰে কাম কৰিব লগা হৈছিল৷ এইখন চিনেমাত অভিনয় কৰাৰ পূৰ্বে শিৱাৰাণীয়ে কোনোধৰণৰ ধাৰাবাহিক বা চিনেমাত অভিনয় কৰাৰ অভিজ্ঞতা নাছিল, কেৱল এখন মঞ্চ নাটকত অভিনয় কৰিছিল তেওঁ। ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্ৰযোজিত ‘ব্ৰীজ’-এ ইতিমধ্যে ২৮তাতকৈয়ো অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰপৰা আমন্ত্ৰণ লাভ কৰিছে। ৫১সংখ্যক ভাৰতীৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ(২০২০)ত ভাৰতৰপৰা পুৰস্কাৰ লাভ কৰা একমাত্ৰ ভাৰতীয় চিনেমা হিচাপে কৃতিত্ব অৰ্জন কৰা ‘ব্ৰীজ’-এ লাভ কৰিছে আন কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সন্মান। গোল্ডেন জুৰি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবি, ১৬ সংখ্যাক ত্ৰিশূৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান আদি উল্লেখযোগ্য। শিৱাৰাণী কলিতাৰ এই খবৰে অসমীয়া চলচ্চিত্ৰ অনুৰাগীসকলৰ লগতে ‘ব্ৰীজ’ৰ পৰিয়ালকক উৎসাহিত কৰি তুলিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Sun
28 °
Mon
31 °
Tue
31 °
Wed
30 °
Thu
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular