spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, জানুৱাৰী 25, 2022
Homeৰাষ্ট্ৰীয়২০২১ বৰ্ষত ভাৰতত সৰ্বাধিক ছাৰ্চ কৰা ১০ গৰাকীৰ ব্যক্তিৰ নাম প্ৰকাশ কৰিলে...

২০২১ বৰ্ষত ভাৰতত সৰ্বাধিক ছাৰ্চ কৰা ১০ গৰাকীৰ ব্যক্তিৰ নাম প্ৰকাশ কৰিলে গুগলে

ডিজিটেল ডেস্কঃ জনপ্ৰিয় ছাৰ্চ ইঞ্জিন গুগলত বহু বিষয়ৰ সন্ধান কৰে জনসাধাৰণে। মানুহক নানা তথ্য প্ৰদান কৰি উপকাৰ কৰি আহিছে গুগলে। গুগলত ছাৰ্চ কৰা হয় নানা ব্যক্তিৰ বিষয়ে জানিবলৈ। ২০২১ বৰ্ষত ভাৰতত সৰ্বাধিক গুগলত ছাৰ্চ কৰা দহগৰাকী ব্যক্তিৰ তালিকা প্ৰকাশ কৰিছে গুগলে।

গুগলে প্ৰকাশ কৰা তালিকা অনুসৰি ২০২১ বৰ্ষত ভাৰতত সৰ্বাধিক ছাৰ্চ কৰা ব্যক্তি সকলৰ ভিতৰত প্ৰথম স্থানত আছে টকিঅ’ অলিম্পিকত সোণৰ পদক বিজয়ী নীৰজ চোপ্ৰা। নীৰজ চোপ্ৰাৰ পাছতে এই তালিকাৰ দ্বিতীয় স্থানত আছে বলিউডৰ জনপ্ৰিয় অভিনেতা শ্বাহৰূখ খানৰ বৰপুত্ৰ আৰিয়ান খান। তালিকাৰ তৃতীয় স্থানত আছে শ্বেহনাজ গীল, চতুৰ্থ স্থানত ৰাজ কুন্দ্ৰা আৰু পঞ্চম স্থানত আছে এলন মাস্ক।

আনহাতে ২০২১ বৰ্ষত ভাৰতত সৰ্বাধিক গুগলত ছাৰ্চ কৰা ব্যক্তিসকলৰ ষষ্ঠৰ পৰা দশম স্থানলৈ থকা ব্যক্তিসকল হৈছে ক্ৰমে- বিকি কৌশল, পি ভি সিন্ধু, বজৰং পুনিয়া, সুশীল কুমাৰ আৰু নাতাশা দালাল। উল্লেখযোগ্য কথাটো হ’ল ২০২১ বৰ্ষত ভাৰতত সৰ্বাধিক ছাৰ্চ কৰা শীৰ্ষৰ ১০ গৰাকী ব্যক্তিৰ ভিতৰত কোনো এজন ৰাজনৈতিক নেতাৰ নাম অন্তুৰ্ভূক্ত হোৱা নাই। ৰাজনৈতিক ব্যক্তিৰ প্ৰতি মানুহে কোনো আগ্ৰহ প্ৰকাশ নকৰে নেকি বুলিও এতিয়া উঠিছে প্ৰশ্ন।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular