spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeআঞ্চলিকএনআৰচিত সঁচাকৈ গৰুখুঁটিৰ ৬০০ মানুহৰ নাম নাই নেকি?

এনআৰচিত সঁচাকৈ গৰুখুঁটিৰ ৬০০ মানুহৰ নাম নাই নেকি?

ডিজিটেল ডেস্কঃ “১৬ মে’ত টালি-টোপোলা বান্ধি অসম এৰিব লাগিব সকলো বাংলাদেশীয়ে।”- এই বাণীৰেই অসমীয়াৰ মন জয় কৰি অসমত বিজেপিৰ বিজয়ধ্বজা উৰুৱাইছিল নৰেন্দ্ৰ মোদীয়ে। লোকসভাৰ পাছতে বিধানসভাতো কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন ওফৰাই অসমত চৰকাৰ গঠন কৰিলে বিজেপি-এ। অসমে কোনোপধ্যে বোজা নলয় অবৈধ নাগৰিকৰ! বাংলাদেশী খেদিবলৈ তৎপৰ বিজেপি চৰকাৰে আৰম্ভ কৰিলে উচ্ছেদ অভিযান। অসমৰ ভূমি বেদখল কৰি থকা লোকসকলৰ ঘৰত পৰিল চৰকাৰী হাতোৰা।

বিশাল ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত দৰং জিলাৰ দক্ষিণ দিশত ছিপাঝাৰ সমষ্টিৰ চৰাঞ্চল। কেইবাখনো চাপৰিৰে গঠিত ছিপাঝাৰৰ ঢলপুৰ চৰাঞ্চল। দীৰ্ঘদিনৰে পৰা বেদখলৰ কৱলত পলসুৱা চাপৰিকেইখন। ঢলপুৰৰ প্ৰায় ৭৭ হাজাৰ বিঘা মাটি বেদখলকাৰীৰ কৱলত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত দৰং প্ৰশাসনৰ নেতৃত্বত এক বৃহৎ দলে ঢলপুৰৰ গৰুখুঁটিত চলালে উচ্ছেদ অভিযান। এক হিংসাত্মক পৰিস্থিতিত বিক্ষিপ্ত ঘটনাৰ মাজেৰে উচ্ছেদিত হ’ল প্ৰায় ৮০০টা পৰিয়াল। বেদখলমুক্ত হ’ল প্ৰায় ৪৫০০ বিঘা ভূমি। পিছে ক’লৈ গ’ল উচ্ছেদিত লোকসকল!

অসমত অবৈধ বাংলাদেশীৰ সমস্যা দীৰ্ঘদিনীয়া। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে বহু বিতৰ্কিত এনআৰচি প্ৰৱৰ্তন কৰিও উলিয়াব নোৱাৰিলে সমাধান। বিভিন্ন বাদ-বিবাদৰ অন্তত প্ৰকাশ পোৱা এনআৰচিৰ চূড়ান্ত খচৰাও আসোঁৱাহপূৰ্ণ। এনআৰচিৰ চূড়ান্ত খচৰাত নাম বাদ পৰা লোকসকলৰ খবৰ আছেনে? বাংলাদেশ চৰকাৰে অসমলৈ এগৰাকীও বাংলাদেশী অনুপ্ৰৱেশ কৰা নাই বুলি বাৰম্বাৰ দাবী কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আগত বাংলাদেশ চৰকাৰ আৰু প্ৰতিনিধিয়ে অসমত অবৈধ বাংলাদেশীৰ অৱস্থিতি নুই কৰিছে। লক্ষ্যণীয়ভাৱে অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰেও ইয়াৰ প্ৰত্যুত্তৰ দিব নোৱাৰিলে। কিন্তু গৰুখুঁটিৰ বেদখলকাৰীসকলৰ অধিকাংশই অবৈধ বাংলাদেশী বুলি মুখ্যমন্ত্ৰীয়ে উচ্চস্বৰে দাবী কৰি আহিছে। প্ৰশ্ন হয়, যদি ঢলপুৰত অবৈধ বাংলাদেশীয়ে ভূমি বেদখল কৰি আছে, তেন্তে বিজেপি চৰকাৰে বাংলাদেশক ইয়াৰ হিচাপ দিব পৰা নাই কিয়?

আনহাতে, গৰুখুঁটিৰ উচ্ছেদিত লোকসকলৰ প্ৰায় ৬০০ মানুহৰ নাম এনআৰচিত অন্তৰ্ভুক্ত নাই বুলি জনাইছিল ৰজাঘৰীয়াই। পিছে কি হ’ল সেই ‘অবৈধ’ লোকসকলৰ? যদি এনআৰচিত নাম অন্তৰ্ভুক্ত নাই তেনেহ’লে তেওঁলোকক অসমৰপৰা ওভতাই পঠিওৱা নহ’ল কিয়? আৰু উচ্ছেদিত লোকসকলৰ মাজৰ ভাৰতীয় নাগৰিকসকলক কি কৰা হ’ল? যদি তেওঁলোক প্ৰকৃততে ভাৰতীয় নাগৰিক হয় তেন্তে কিয় উচ্ছেদ কৰা হ’ল তেওঁলোকক? ভাৰতীয় নাগৰিকৰ স্বদেশতে থকাৰ অধিকাৰ নাই নেকি? সংস্থাপন দিয়া হ’লনে উচ্ছেদিত লোকসকলক? সমগ্ৰ ঘটনাটোত যেন সোমাই আছে এক ভয়ংকৰ ৰাজনৈতিক অভিসন্ধি! ভোটবেংকৰ স্বাৰ্থত ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি চলিছে নেকি ঢলপুৰত?

গুজৰাটৰ পৰা গিৰগাই আনি ঢলপুৰত গাখীৰৰ ঢল আনিব বিচৰা চৰকাৰে উচ্ছেদিত বৈধ-অবৈধ উভয়পক্ষৰ লোকসকলৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular