spot_img
19 C
Guwahati
19 C
Guwahati
বুধবাৰ, জানুৱাৰী 26, 2022
Homeআঞ্চলিকব্যক্তিগত নাৰ্ছিংহোমত চৰকাৰী চিকিৎসকৰ মইমতালি

ব্যক্তিগত নাৰ্ছিংহোমত চৰকাৰী চিকিৎসকৰ মইমতালি

ডিজিটেল ডেস্ক: গোলাঘাটত ব্যক্তিগত নাৰ্ছিং হোমত চৰকাৰী চিকিৎসকৰ মইমতালি। প্ৰসৱ বেদনাত ভোগা প্ৰসূতিক চৰকাৰী চিকিৎসালয়ত অস্ত্ৰোপচাৰ নকৰি ব্যক্তিগত চিকিৎসালয়লৈ মাতি ভুল চিকিৎসা কৰাৰ অভিযোগ চিকিৎসক ছাইদুল হকৰ বিৰুদ্ধে।

উল্লেখ্য যে, চিকিৎসক আৰু ৰোগীৰ আত্মীয়ৰ মাজত সংঘাত উদ্বেগজনকভাৱে বৃদ্ধি পাই আহিছে। এনেকুৱা ধৰণৰ সংঘাটত পৰি ডাঃ দেৱেন দত্ত নামৰ চিকিৎসক এজনৰ মৃত্যু দৰে ঘটনাও সংঘটিত হৈছে। ক্ৰমাৎ যেন অৱনতি ঘটিছে ৰোগী বা ৰোগীৰ আত্মীয় আৰু চিকিৎসকৰ মাজৰ সুসম্পৰ্ক।

দেওবাৰে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি হ’বলৈ যোৱা ৰিজুমা বেগম নামৰ প্ৰসূতি মহিলাগৰাকীক অস্ত্ৰোপচাৰ কৰোতে পাঁচদিন সময় লাগিব বুলি কোৱা চিকিৎসক ছাইদুল হকে গোলাঘাটৰ ‘লাইফলাইন নাৰ্ছিংহোম’ত ভৰ্তি কৰিলে আধা ঘন্টাৰ ভিতৰত অস্ত্ৰোপচাৰ কৰাৰ প্ৰলোভন দিয়ে।

ইফালে, অস্ত্ৰোপচাৰৰ বাবে ৪০ৰ পৰা ৫০ হাজাৰ টকা খৰচ হোৱাৰ কথাও অৱগত কৰে প্ৰসূতিগৰাকীৰ আত্মীয়ক। পাছত দেওবাৰে অস্ত্ৰোপচাৰ সম্পন্ন হয় প্ৰসূতি ৰিজুমা বেগমৰ। পিছে অস্ত্ৰোপচাৰৰ পাছত পুনৰ পেট আৰু কান্ধত চূড়ান্ত বিষ অনুভৱ কৰে প্ৰসূতিগৰাকীয়ে। যাৰ বাবে অতিশব্দ(ultrasound) কৰোৱাত পেটত কোনো তৰল দ্ৰব্যৰ উপস্থিতি ধৰা পেলায় চিকিৎসকে। শেষত সোমবাৰে প্ৰসূতিগৰাকীৰ পেটত সেই তৰল দ্ৰব্য বিচাৰি পুনৰ অস্ত্ৰোপচাৰ চলায় চিকিৎসকে যদিও কোনোধৰণৰ দ্ৰব্যৰ উপস্থিতি ধৰা পেলাব নোৱাৰে। কিন্তু প্ৰায় তিনি ঘণ্টাৰ অন্তত মহিলাগৰাকীৰ মৃত্যু ঘটে।

সমগ্ৰ ঘটনাটোত চিকিৎসকৰ গাফিলতিৰ বাবেই হোৱা বুলি অভিযোগ প্ৰসূতিগৰাকী আত্মীয়ৰ। ইপিনে, সংবাদ মাধ্যমৰ আগত ভাষ্য প্ৰদান কৰোতে চিকিৎসক ছাইদুল হকে মহিলাগৰাকীৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পাছত কোন স্থানত বিষ অনুভৱ কৰিছিল, সেয়াই সঠিককৈ ক’ব পৰা নাই। সমগ্ৰ ঘটনাক লৈ সোমবাৰে লাইফলাইন নাৰ্ছিংহোম চৌহদত বিৰাজ কৰে এক উত্তপ্ত পৰিস্থিতিয়ে। ঘটনাস্থলীত গোলাঘাট আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular