spot_img
22 C
Guwahati
22 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeআঞ্চলিকগৰুখুঁটি উচ্ছেদৰ তদন্তৰ বাবে মঙলদৈ আৱৰ্ত ভৱনত চৰকাৰী বিষয়া

গৰুখুঁটি উচ্ছেদৰ তদন্তৰ বাবে মঙলদৈ আৱৰ্ত ভৱনত চৰকাৰী বিষয়া

ডিজিটেল ডেস্কঃ ২০২১ বৰ্ষৰ ২৩ ছেপ্টেম্বৰত ঢলপুৰৰ গৰুখুঁটি অঞ্চলৰ চৰকাৰী ভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰিছিল। এই উচ্ছেদৰ সময়ত সৃষ্টি হোৱা কিছু অবাঞ্ছিত ঘটনাৰ ওপৰত অসম চৰকাৰে যি তদন্ত ঘোষনা কৰিছিল। তাৰেই ফলস্বৰূপে মঙলবাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি ডি আগৰৱালাৰ নেতৃত্বত এক তদন্তকাৰী দলে দৰং জিলা আৱৰ্ত ভৱনত উপস্থিত হয় ।

তদন্তকাৰী গোটৰ ফালৰ পৰা প্ৰকাশ কৰা জাননী অনুসৰি দিনৰ ১২ বজাৰ পৰা মঙলদৈস্থিত আৱৰ্ত ভৱনত অনুষ্ঠিত হয় শুনানি। এই সময়ত আয়োগে জিলা প্ৰশাসন তথা আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ ভাষ্য গ্ৰহণ কৰাৰ উপৰিও উপৰোক্ত ঘটনাত নিহত হোৱা ব্যক্তিসকলৰ নিকটাত্মীয়সকলৰ ঘটনা সন্দৰ্ভত তেওঁলোকৰ অভিযোগসমূহ গ্ৰহণ কৰে। অৱশ্য তদন্ত আয়োগে সাংবাদিকৰ সন্মুখত কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকে।

উল্লেখযোগ্য যে, মঙলদৈস্থিত আৱৰ্ত ভৱনত ভিন্নপক্ষৰ ভাষ্যসমূহ গ্ৰহণ কৰে। বিয়লি ২ বজাত ঘটনাৰ মূলস্থান গৰুখুঁটিত উপস্থিত হয় অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আগৰৱালাৰ নেতৃত্বত যোৱা তদন্তকাৰী দল। সেয়েহে এতিয়া লক্ষ্যণীয় হ’ব তদন্তকাৰী দলটোৱে গৰুখুঁটিৰ উচ্ছেদৰ কি প্ৰতিবেদন ৰাজহুৱা কৰিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular