spot_img
28 C
Guwahati
Friday, September 17, 2021
spot_img
Homeআঞ্চলিকসুধাকণ্ঠক লৈ আদৰণীয় পদক্ষেপ চৰকাৰৰ, পুনৰ মুকলি সমাধিক্ষেত্ৰ

সুধাকণ্ঠক লৈ আদৰণীয় পদক্ষেপ চৰকাৰৰ, পুনৰ মুকলি সমাধিক্ষেত্ৰ

গুৱাহাটী : আজিৰে পৰা পৰ্যটনৰ বাবে মুকলি হ’ব ডঃ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ৷ দীঘলীয়া বিৰতিৰ পাছত জালুকবাৰীত থকা এই সমাধিক্ষেত্ৰত সুধাকণ্ঠলৈ শ্ৰদ্ধা নিবেদিব পাৰিব তেওঁৰ অনুৰাগীয়ে। ইফালে, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ড০ ভূপেন হাজৰিকা আসন প্ৰতিষ্ঠা কৰিব বুলি চৰকাৰে ঘোষণা কৰিছে।

স্কুল-কলেজৰ পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত কৰা হ’ব সুধাকণ্ঠৰ জীৱন, সৃষ্টিৰাজি আৰু মানৱতাবাদৰ দীক্ষাক। ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৫সংখ্যক জয়ন্তী উপলক্ষে জালুকবাৰীৰ সমাধিক্ষেত্ৰত সাংস্কৃতিক সঞ্চালকালয়ে আয়োজন কৰা স্মৃতি তৰ্পণ অনুষ্ঠানত অংশগ্ৰহণ কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি অসম চৰকাৰৰ এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰে।

আজিৰে পৰা ড০ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়াৰ বাবে ৰাজ্য চৰকাৰে অনুমতি দিয়াৰ কথাও তেওঁ প্ৰকাশ কৰে। ক’ভিড বিধি মানি সাংস্কৃতিক সঞ্চালকালয়ে দৰ্শনাৰ্থীৰ বাবে আজিৰে পৰাই মুকলি কৰি ৰাখিব পাৰিব সমাধিক্ষেত্ৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Fri
27 °
Sat
30 °
Sun
31 °
Mon
31 °
Tue
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular