Google search engine
25.5 C
Guwahati
Sunday, August 1, 2021
Google search engine
Homeক্ৰীড়াক্ৰিকেট এৰাৰ পৰামৰ্শ কোনে দিছিল চাহাৰক?

ক্ৰিকেট এৰাৰ পৰামৰ্শ কোনে দিছিল চাহাৰক?

নতুন দিল্লীঃ গ্ৰেগ চেপেল মানেই যেন বিতৰ্ক! ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীক মূল একাদশৰ পৰা বিতাড়িত কৰাৰ সময়তো কম বিতৰ্কৰ সৃষ্টি হোৱা নাছিল! শেহতীয়াকৈ পুনৰবাৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন পেছ বলাৰ ভেঙ্কটেছ প্ৰসাদ আৰু গ্ৰেগ চেপেল চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ভাৰতীয় দলৰ অলৰাউণ্ডাৰ দীপক চাহাৰক চেপেলে প্ৰত্যাখ্যান কৰাৰ গুৰুতৰ অভিযোগ ভেঙ্কটেছ প্ৰসাদৰ।
উল্লেখ্য যে, মঙলবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিতীয় এদিনীয়াত অপৰাজিত ৬৯ৰানৰ দুৰ্দান্ত ইনিংছ খেলি ভাৰতৰ জয়ৰ পথ প্ৰশস্ত কৰি তুলিছিল চাহাৰে।

শেহতীয়াকৈ, এইগৰাকী খেলুৱৈ প্ৰসংগত এক গোপন তথ্য প্ৰকাশ কৰিছে ভেঙ্কটেছ প্ৰসাদে। শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতক জয়ৰ সোৱাদ দিবলৈ সক্ষম হোৱা চাহাৰৰ প্ৰশংসাত পঞ্চমুখ ভেঙ্কটেছ। টুইটাৰযোগে চাহাৰৰ প্ৰশংসা কৰিবলৈ গৈ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অষ্ট্ৰেলিয়ান প্ৰশিক্ষক গ্ৰেগ চেপেলকো কটাক্ষ প্ৰসাদৰ। তেওঁ সদৰী কৰে যে, ‘চাহাৰৰ উচ্চতাৰ বাবে তেওঁক দলৰ পৰা প্ৰত্যাখ্যান কৰা হৈছিল। আনকি চাহাৰক বেলেগ কাম বিচৰাৰো পৰামৰ্শ দিছিল গ্ৰেগ চেপেলে।’ ভাৰতীয় ক্ৰিকেটৰ উন্নতিা কামনাৰে তেওঁৰ পৰামৰ্শ, ‘মানুহ কোনোবা ক্ষেত্ৰত ব্যতিক্ৰম হয়েই। কিন্তু ভাৰতত প্ৰতিভাৰ অভাৱ নাই এইটো অনস্বীকাৰ্য। সম্প্ৰতি ভাৰতীয় মেনেজমেণ্টে কিছু চিন্তা কৰিবৰ হ’ল। যিমান সম্ভৱ ভাৰতীয় প্ৰশিক্ষক আৰু মেণ্টৰ নিয়োগ কৰা উচিত।’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
25.5 ° C
25.5 °
25.5 °
96 %
0.7kmh
100 %
Mon
31 °
Tue
31 °
Wed
30 °
Thu
33 °
Fri
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular