spot_img
23 C
Guwahati
23 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeব্ৰেকিং নিউজচিচিংফাঁক! গুপুত মন্ত্ৰ মাতিহে বিকি-কেটৰ বিবাহ বাহৰত সোমাব পাৰিব অতিথি

চিচিংফাঁক! গুপুত মন্ত্ৰ মাতিহে বিকি-কেটৰ বিবাহ বাহৰত সোমাব পাৰিব অতিথি

ডিজিটেল ডেস্কঃ কৈ খাকিলে যেন ওৰকে নপৰে বিকি-কেটৰিনাৰ কথা৷ বিকি-কেটৰ বিয়াৰ দিন দিন ওচৰ চাপি অহাৰ লগে-লগে নতুন নতুন খবৰে গৰম কৰি ৰাখিছে অনুৰাগীৰ মাজত৷ বিয়াখনক লৈ ভিন্ন বিষয়ত লৈ খেলি মেলি আছিল, কেতিয়াবা বিয়াৰ তাৰিখক লৈ যদি বিতণ্ডা, কেতিয়াবা বিবাহৰ স্থানক লৈ যদি আন কেতিয়াবা বিবাহৰ পঞ্জীয়নৰ তাৰিখক লৈ মত বিৰোধ।

সকলো শেষত এতিয়া দুয়োৰে মাজত অন্ত পৰিল বাক-বিতণ্ডা৷ অহা ৭ ৰ পৰা ৯ ডিচেম্বৰৰ ভিতৰত হোমৰ গুৰিত বহিবই বহিব কেটৰিনা কাঈফ আৰু বিকি কৌশল। ৰাজস্থানৰ জয়পুৰৰ ছৱাই মাধোপুৰ জিলাত থকা ৭০০ বছৰ পুৰণি ‘বাৰৱাৰ’ নামৰ দুৰ্গত অনুষ্ঠিত হ’ব বলীউডৰ এই বহু চৰ্চিত বিয়াখন৷ ইতিমধ্যে বিয়াখনৰ বাবে বলীউডৰ বহু নামী-দামী তাৰকাই নিমন্ত্ৰণ লাভ কৰিছে৷


শেহতীয়া খবৰ অনুসৰি, বিকি-কেটৰ বিয়াত অতিথিসকলে বিভিন্ন নিয়ম মানিহে বিয়া মণ্ডপত প্ৰৱেশ কৰিব পাৰিব৷ বিয়াত নিমন্ত্ৰিত অতিথিসকলক কেটৰ ফালৰ পৰা এটা গোপন কোড দিয়া হ’ব আৰু সেই কোড জানিলেহে তাৰকা দম্পতীৰ বিয়াত প্ৰৱেশ কৰিব পাৰিব।


নিয়মাৱলীৰ তালিকাখন ইমানতে শেষ হোৱা নাই। অতিথিসকলক ফটো নলোৱাৰ চুক্তিত স্বাক্ষৰ কৰিব লাগিব। বিয়াখনত ইতিমধ্যে মবাইল ফোন নিষিদ্ধ কৰা হৈছে লগতে তাত কোনা সংবাদ মাধ্যমৰ লোক নাথাকিব। ৰাজস্থানৰ বিলাসী প্ৰাসাদৰ বাহিৰত একাধিক আৰক্ষী মোতায়েন কৰা হ’ব আৰু তাত নিৰাপত্তাৰক্ষীৰ এটা দলও মোতায়েন কৰা হৈছে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular