spot_img
23 C
Guwahati
23 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeমনোৰঞ্জনবিয়া নহয় যেন পেটপূজাহে! ৮০কেজি‌ ওজনৰ মিঠাই, ৫মহলীয়া কেক, কি নাই ভিক্যাটৰ...

বিয়া নহয় যেন পেটপূজাহে! ৮০কেজি‌ ওজনৰ মিঠাই, ৫মহলীয়া কেক, কি নাই ভিক্যাটৰ বিয়াত?

নতুন দিল্লীঃ আজি বিকি কৌশল-কেটৰিনা কাইফৰ বিয়া । দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত আজি দুয়ো পাতনি মেলিব যুগ্মজীৱনৰ। কেটৰিনাই খোজ থ’ব নতুনৰ পদূলিত। ৰজনজনাই উঠিছে বিয়া ৰ প্ৰাংগন। অতিথি আপ্যায়নৰ বাবেও কৰা হৈছে এলানি আয়োজন। জানিবলৈ পোৱা মতে, অতিথিৰ অভ্যৰ্থনাৰ বাবে যোধপুৰৰ এখন প্ৰতিষ্ঠিত দোকানৰ পৰা ৮০ কিলোগ্ৰাম ওজনৰ ১০ প্ৰকাৰৰ মিঠাই অনা হৈছে। একেখন দোকানৰ এজন কৰ্মচাৰীয়ে কয়, ‘মেৱা কছুৰী, দল বৰফী, গুজৰাটী বাখলায়া, কাজু পানৰ উপৰি চকো বাইটৰ দৰে কেইবাটাও মিঠাই অনা হৈছে বিকি-কেটৰিনাৰ অতিথিৰ বাবে। ইয়াৰোপৰি অনা হৈছে, ১০০টা চিঙৰা আৰু ধোকলা।

বিকি-কেটৰিনাৰ অনুষ্ঠানত পুৱাৰ আহাৰৰ বাবেও আছিল ভিন্নৰকমৰ ব্যঞ্জন । লগত আছিল ৰাজস্থানৰ বিখ্যাত কছুৰী। একপ্ৰকাৰ বিকি-কেটৰিনাৰ বিয়াত পেটপূজাৰ বাবে কৰা হৈছে ৰাজকীয় আয়োজন। কাবাব, মাছৰ থালিৰ পৰা আদি কৰি ৰাজস্থানী দাইল, চুৰমা, ১৫ প্ৰকাৰৰ মাহজাতীয় শস্য – তালিকাৰ পৰা একো বাদ পৰা নাই। ফল আৰু পাচলি অনা হৈছে বিদেশৰ পৰা। দৰা-কইনাৰ বাবে বিয়া ত পাঁচ মহলীয়া কেক। উল্লেখ্য যে, আজি ৰাজস্থানৰ যোধপুৰত বিকি-কেটৰিনাই ছিক্স ছেনছেচ বৰৱাৰা ফৰ্টত পৰিদৰ্শন কৰিব। ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে জনসমাগমৰ পৰা আঁতৰি আছে বলীউড কাপল। সেইবাবে পৰিয়ালৰ লগতে বলীউড ইন্ড্ৰাষ্ট্ৰীৰ ঘনিষ্ঠ বন্ধুবৰ্গৰ উপস্থিতিহে কামনা কৰিছে নায়ক-নায়িকাই। কবীৰ খান, নেহা ধুপিয়া আৰু অঙ্গদ বেদীৰ দৰে তাৰকা ইতিমধ্যে ৰাজস্থানত উপস্থিত হৈছে।আজিৰে পৰাই বিকি-কেটৰিনাই এটা নতুন অধ্যায় আৰম্ভ কৰিবলৈ সাজু হৈছে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular