ফাৰ্মাচীলৈ যোৱা যুৱকক সুৰামত্ত যুৱতীৰ আক্ৰমণ! কাঢ়িলে মোৱাইল

গুৱাহাটীঃ গুৱাহাটীত অসুৰক্ষিত জনতা৷ মহানগৰীৰ এজন যুৱকে তেওঁৰ ৰুগীয়া পত্নীৰ বাবে ফাৰ্মাচীত ঔষধ আনিবলৈ গৈ কথমপি ৰক্ষা পৰে আক্ৰমণৰ পৰা৷ জানিব পৰা মতে একাংশ সুৰামত্ত যুৱক-যুৱতীয়ে বিগত ৭ আগষ্টত ফাৰ্মাচীলৈ যোৱা এজন লোকক আক্ৰমণৰ চেষ্টা চলায়৷

আৰু পঢ়িব পাৰিব: আন এক কৃতিত্বৰ অধিকাৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…

চি চি টি ভিত বন্দী হোৱা দৃশ্যত সুৰামত্ত দলটোত এগৰাকী যুৱতীয়ে লোকজনৰ পৰা ম’বাইল ফোন পৰ্যন্ত কাঢ়ি নিয়ে৷ আক্ৰমণৰ সন্মুখীন হোৱা লোকজনক যুৱতীগৰাকীয়ে কাপোৰত ধৰি আক্ৰমণৰ চেষ্টা চলোৱা দৃশ্যত বন্দী হয় চিচিটিভি কেমেৰাত৷

আৰু পঢ়িব পাৰিব: বকোৰ লাম্পীত উত্তেজনা, সীমান্ত আৰক্ষীচকী ঘেৰাও সাধাৰণ জনতাৰ

সৌভাগ্যক্ৰমে লোকজন কোনোধৰণৰ আহত হোৱা নাই৷ এই ঘটনাৰ পাছতে চানমাৰি আৰক্ষীচকীত এই ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰে ভুক্তভোগী লোকজনে৷ জানিব পৰা মতে এই ঘটনা নিশা ৯ৰ পৰা ১০বজাৰ ভিতৰত সংঘটিত হৈছিল৷ কিন্তু প্ৰশ্ন হয়, নৈশ কাৰ্ফিউ চলি থকাৰ সময়ত মহানগৰীৰ মাজত এনেদৰে ঘূৰি ফুৰিবলৈ কেনেদৰে সক্ষম হ’ল এই উদণ্ড যুৱক-যুৱতীৰ দলটো?

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES