spot_img
24 C
Guwahati
24 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeআঞ্চলিকগুৱাহাটীত 'চিৰিয়েল কিলাৰ' ! নৃশংসতাৰে শোৱাপাটিতে হত্যা বৃদ্ধ দম্পত্তিক

গুৱাহাটীত ‘চিৰিয়েল কিলাৰ’ ! নৃশংসতাৰে শোৱাপাটিতে হত্যা বৃদ্ধ দম্পত্তিক

গুৱাহাটী : এটাৰ পাছত এটাকৈ চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰিছে গুৱাহাটী৷ আন্টিমা হত্যাৰ ঘটনাৰ তদন্ত চলি থকাৰ সময়তে পুনৰ আজি বেলতলাৰ চন্দননগৰত সংঘটিত হয় এক লোমহৰ্ষক হত্য়াকাণ্ড৷ বৃদ্ধদম্পত্তিক ঘৰৰ ভিতৰতে চোকা অস্ত্ৰৰে হত্যা কৰি থৈ যায় ডকাইতে৷ বৃদ্ধ দম্পত্তিহালক মূৰত আঘাট কৰি তেজেৰে লুটুৰি-পুটুৰি অৱস্থাত উদ্ধাৰ কৰা হয়৷

বেলতলাৰ চন্দনগৰৰ ঘৰ নং ১ত নৃশংসভাৱে হত্যা কৰে বৃদ্ধ দম্পতীক৷ ৮৬ বছৰীয়া ননী বৰুৱাৰ ঘৰত ডকাইতিকাণ্ড সংঘটিত কৰি তেওঁৰ লগতে পত্নী মীনা বৰুৱাকো হত্যা কৰে দুৰ্বৃত্তই৷ ইয়াৰ উপৰি দম্পত্তিহালৰ দুই কন্যাও বাহিৰত থাকে এগৰাকী মুম্বাইত থাকে এগৰাকী লণ্ডনত৷ ননী বৰুৱা এজন অৱসৰপ্ৰাপ্ত অভিযন্তা আৰু মীনা বৰুৱা অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী আছিল বুলি জানিব পৰা গৈছে৷

ঘটনাস্থলীত আৰক্ষী আয়ুক্তসহ চিআইডি দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত৷ ৷ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ডকাইতে এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular