spot_img
27 C
Guwahati
27 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকদেৱযানীয়ে কেনেকৈ হত্যা কৰিছিল আণ্টিমাক? আৰক্ষী, দণ্ডাধীশক দেখুৱালে হত্যাকাণ্ডৰ শিহৰণকাৰী দৃশ্য

দেৱযানীয়ে কেনেকৈ হত্যা কৰিছিল আণ্টিমাক? আৰক্ষী, দণ্ডাধীশক দেখুৱালে হত্যাকাণ্ডৰ শিহৰণকাৰী দৃশ্য

ডিজিটেল ডেস্ক : কিমান নৃশংস হৈ উঠিব পাৰে মমতাময়ী বুলি অভিহিত এগৰাকী নাৰী? প্ৰতিশোধ আৰু প্ৰত্যাক্ৰমণৰ তাড়নাত কৰিব পাৰে কিমান ভয়াৱহ অপৰাধ? মহানগৰীত সংঘটিত এটা ভয়াৱহ হত্যাকাণ্ডই এতিয়া মমতাময়ী নাৰীৰ নৃশংস আৰু বৰ্বৰ ৰূপটোকে যেন তুলি ধৰিছে। মহানগৰৰীৰ বৰাগাঁৱত সংঘটিত আণ্টিমা গুপ্তাৰ হত্যাকাণ্ডৰ অপৰাধী দেৱযানী দাস আৰক্ষীৰ জালত পৰাৰ পাছতে পোহৰলৈ আহিছে ভালেমান বিস্ফোৰক তথ্য। শুকুৰবাৰে আণ্টিমা গুপ্তাৰ ঘৰত ভাৰাতীয়া হিচাপে থকা দেৱযানী দাসৰ পাকঘৰত উদ্ধাৰ হৈছিল আণ্টিমাৰ মৃতদেহ। প্লাষ্টিকেৰে মেৰিয়াই থোৱা মৃতদেহটো উদ্ধাৰৰ পাছতে পোহৰলৈ আহে দেৱযানীৰ নৃশংসতা আৰু বৰ্বৰতাৰ এক অবৰ্ণনীয় অধ্যায়।


সোমবাৰে আণ্টিমাৰ হত্যাকাৰী দেৱযানীক আৰক্ষীয়ে লৈ যায় ক্ৰাইম ছিন ৰিক্ৰিয়েশ্যন বা অপৰাধৰ দৃশ্যৰ পুনৰ ৰূপায়নৰ বাবে। তাতেই ঘাতক দেৱযানীৰ বৰ্বৰ ৰূপটো পোহৰলৈ আহে। এই ৰূপে সকলোকে এতিয়া শিহৰিত কৰি তুলিছে। আৰক্ষীৰ আগত দেৱযানীয়ে দিয়া স্বীকাৰোক্তি অনুসৰি, স্বামীৰে অবৈধ সম্পৰ্ক থকাৰ অভিযোগেৰে আণ্টিমা গুপ্তাই দেৱযানীৰ ওচৰলৈ কাজিয়া কৰিবলৈ আহিছিল। প্ৰথমে দুয়োৰে মাজত কথাৰ কটাকটি হয় আৰু তাৰ পাছত ই হতাহতিৰ ৰূপ লয়। অৱশেষত হিতাহিত জ্ঞান হেৰুৱাই দেৱযানীয়ে পটাগুটিৰে মূৰত আঘাত কৰি হত্যা কৰে আণ্টিমাক। তাৰ পাছত মৃতদেহটো প্লাষ্টিকেৰে মেৰিয়াই ভৰাই থৈছিল কিটছেনৰ কেবিনেটত। অতি নৃশংস দেৱযানীয়ে মৃতদেহ লুকুৱাই থোৱা কিটছেনতে ভাতো ৰান্ধিছিল বুলি আৰক্ষীক স্বীকাৰোক্তি দিছিল। সোমবাৰে দণ্ডাধীশৰ উপস্থিতিত এই অপৰাধৰ পুনৰ ৰূপায়ন কৰি দেখুৱায় ঘাতক দেৱযানীয়ে। এই কাৰ্যৰ ভিডিঅ’গ্ৰাফি কৰা হয় আৰু ইয়াক আদালতত প্ৰমাণ হিচাপে ব্যৱহাৰ কৰা হ’ব। দেৱযানীয়ে দিয়া স্বীকাৰোক্তিক প্ৰমাণ কৰাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰে আৰক্ষীয়ে।


ইফালে, দেৱযানীয়ে আৰক্ষীৰ জেৰাত আণ্টিমা গুপ্তাৰ স্বামী সন্তোষেৰে তেওঁৰ অবৈধ সম্পৰ্ক থকাৰ কথা প্ৰকাশ কৰিছে যদিও সন্তোষে সেয়া অস্বীকাৰ কৰিছে। কিন্তু সন্তোষ গুপ্তাই সঁচা কৈছে নে মিছা মাতিছে তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। আৰক্ষীৰ ভাষ্য মতে দেৱযানীয়ে নিজৰ অপৰাধ স্বীকাৰ কৰি লৈছে আৰু এই ঘটনাৰ সৈতে আন কাকো অভিযুক্ত কৰা নাই। এগৰাকী নাৰীয়ে আন এগৰাকী নাৰীক নৃশংস, বৰ্বৰভাৱে হত্যা কৰাৰ এই ঘটনাই এতিয়া সকলোকে আশ্বৰ্যন্বিত কৰি তুলিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular