লাচিত নগৰত শ শ বিষাক্ত সৰ্প থকা এটি গৃহ

গুৱাহাটী : মহানগৰীত এটি বিসাক্ত সাপৰ গৃহ। লাচিত নগৰীত অৱস্থিত এই গৃহটোত আছে হাজাৰ হাজাৰ বিষাক্ত সৰ্প৷ বিভিন্ন প্ৰজাতিৰ বিষাক্ত সাপৰ ভাণ্ডাৰ এই সৰু কোঠাটোতে। জানিব পৰা মতে, লাচিত নগৰৰ এই গৃহটোত নিশা হঠাৎ বন বিভাগে অভিযান চলাইছিল।

আৰু পঢ়িব পাৰিব :মুকলি হ’ল কামাখ্যাৰ দ্বাৰ: দৰ্শনাৰ্থীয়ে মানিব লাগিব এইসমূহ নিয়ম

বন বিভাগৰ এই অভিযানত উদ্ধাৰ হয় শ শ ভিন্ন প্ৰজাতিৰ বিষাক্ত সাপ। বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, গৱেষণাৰ নামত আন্তৰাষ্ট্ৰীয় বজাৰত বিক্ৰী হৈ আহিছে এই সাপসমূহ।

আৰু পঢ়িব পাৰিব :নিম্ন জাত! তামিলনাডুত পঞ্চায়ত নেত্ৰীৰ দুৰৱস্থাক লৈ চাঞ্চল্য

গৱেষণা কৰা চিকিৎসকৰ মতে, নতুন প্ৰজাতিৰ সাপৰ ওপৰত গৱেষণাহে চলিছিল এই কোঠাটোৰ ভিতৰত। উল্লেখ্য যে, গৱেষণাৰ বাবে মিজোৰামৰ পৰা অনা হৈছিল এই সাপসমূহ৷ প্ৰশ্ন হয় যদি গৱেষণাৰ বাবেই অহা হৈছিল সাপসমূহ তেন্তে হাজাৰ হাজাৰ সাপ কিয় কোঠাটোত।

Show More

Related Articles

Back to top button