Google search engine
28 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeআঞ্চলিকঅসমৰ প্ৰভাৱশালী নেতাৰ মনোনয়ন দখিলৰ বাবে সালসলনি হ'ব মহানগৰীৰ পথ চলাচল

অসমৰ প্ৰভাৱশালী নেতাৰ মনোনয়ন দখিলৰ বাবে সালসলনি হ’ব মহানগৰীৰ পথ চলাচল

গুৱাহাটী : অসমৰ প্ৰভাৱশালী ৰাজনৈতিক নেতাই বৃহস্পতি আৰু শুকুৰবাৰে দাখিল কৰিব মনোনয়ন৷ যাৰ বাবে ১৮,১৯মাৰ্চত গুৱাহাটীত সাল-সলনি হ’ব পথৰ চলাচল। যান-বাহনৰ নতুন নিৰ্দেশনা সন্দৰ্ভত আজি আনুষ্ঠিত DCP Trafficৰ সংবাদমেলত এই কথা সদৰী কৰে৷ কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে মনোনয়ন দিব সিদ্ধাৰ্থ ভট্টাচাৰ্যই৷ শুকুৰবাৰে মনোনয়ন দাখিল কৰিব হিমন্ত বিশ্ব শৰ্মাই৷ সিদ্ধাৰ্থ ভট্টাচাৰ্য-হিমন্ত বিশ্ব শৰ্মাৰ উপৰি বহু প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন৷

আৰু পঢ়িব পাৰিব : মৰিগাঁৱত নিশা নিৰ্দলীয় প্ৰাৰ্থী ৰাতুল বৰাক মৃত্যুৰ ভাবুকি

বিশাল ৰেলীৰে মনোনয়ন দাখিল কৰিব বহু প্ৰাৰ্থীয়ে৷ যাৰবাবে সাল-সলনি কৰা হৈছে যান-বাহনৰ চলাচল৷ মালিগাঁৱৰ পথৰ পৰা আহিলে ভৰলুত ইউ টাৰ্ন লৈ এটি ৰোড হৈ যাব লাগিব। শৰাইঘাটৰ দিশৰ পৰা গুৱাহাটীলৈ আহিলে হাইৱে’ হৈ গুৱাহাটীত প্ৰৱেশ কৰিব লাগিব। ৰাজপথৰ কাষত থকা অস্থায়ী দোকানবোৰ এই দুদিনৰ বাবে আঁতৰ কৰিব লাগিব৷ ‘মেঘদূত ভৱন’ৰ সন্মুখভাগ খালী ৰাখিব। টিটী পইণ্ট, ৰটাৰি ক্লাবত গাড়ী পাৰ্কিং কৰিব পাৰিব। ভূতনাথ, লাচিতঘাটত পাৰ্কিঙৰ ব্যৱস্থা থাকিব।

আৰু পঢ়িব পাৰিব : কন্যাক অশালীন ব্যৱহাৰ কৰাৰ বাবে স্বামীক হত্যা

এম জি ৰোড এই দুদিন ৰাইজক ব্যৱহাৰ নকৰিবলৈ যান-বাহন আৰক্ষীৰ অনুৰোধ জনায়। মালিগাঁৱৰ পৰা অহা লোকসকলে এটিৰোড হৈ আহিব লাগিব জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ৷ হেম বৰুৱা ৰোড আৰু এটি ৰোড পাৰ্কিংমুক্ত কৰা হ’ব৷ মালিগাঁৱৰ পৰা অহা গাড়ীসমূহ ভূতনাথত পাৰ্কিঙৰ ব্যৱস্থা থাকিব৷ চানমাৰি ফালৰ পৰা অহা লোকসকলে ৰিজাৰ্ভ বেংকৰ সন্মুখৰে এটিৰোড হৈ ওলাই যাব পাৰিব৷ এম জি ৰোড এৰাই চলাবলৈ ৰাইজক অনুৰোধ DCP Traffic ৰ৷ ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰ কৰিবলৈও ৰাইজক অনুৰোধ জনায়৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
83 %
0kmh
75 %
Thu
32 °
Fri
30 °
Sat
30 °
Sun
30 °
Mon
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular