spot_img
18.6 C
Guwahati
18.6 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকএদল তৰুণ শিল্পীৰ তুলিকাৰ পৰশত উজলিছে দিছপুৰৰ নতুন উৰণ সেতু

এদল তৰুণ শিল্পীৰ তুলিকাৰ পৰশত উজলিছে দিছপুৰৰ নতুন উৰণ সেতু

ডিজিটেল ডেস্কঃ ৬৪ কলাৰ ভিতৰত এক অন্যতম কলা হৈছে চিত্ৰকলা৷ শিল্পীৰ হাতৰ যাদুকৰী বিদ্যাৰ অপূৰ্ব পৰশত কেনভাচৰ পৰা দেৱালয়লৈ প্ৰাণ পাই উঠে চিত্ৰকলাই৷ চিত্ৰকৰে কয় ছবি আঁকিবলৈ হ’লে কেনভাচ নালাগে, কলাসুলভ মন থাকিলে সমগ্ৰ পৃথিৱীখনেই হ’ব পাৰে এখন বিশাল কেনভাচ৷ ছবিৰ কোনো নিদিষ্ট স্থান নাই, চিত্ৰকৰে মন মেলিলে দেৱাল, চিলিং, কাঠ, বাঁহতো সৃষ্টি হ’ব পাৰে চিত্ৰশিল্পৰ মায়াজাল৷ গুৱাহাটীৰ নৱনিৰ্মিত এখন উৰণ সেতু৷ গুৱাহাটী দিছপুৰ-খানাপাৰা, ছুপাৰ মাৰ্কেট আৰু লাষ্টগেট সংযোগী এই সেতুখনক লৈ গুৱাহাটীবাসী উৎসুক৷ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দেৱালী দিনা অৰ্থাৎ ৪ নৱেম্বৰত ৰাজ্যবাসীৰ বাবে মুকলি কৰিব উৰণ সেতুখন৷ আটকধুনীয়াকৈ সজাই পৰাই তোলা ব্ৰীজখন বৰ্তমান আন এক কাৰণৰ বাবেই ব্যপক চৰ্চা লাভ কৰিছে৷

কিয়নো সেতুখনত দেৱালসমূহত কেইজনমান উদীয়মান চিত্ৰশিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে মনপৰশা বহুতো আলোকচিত্ৰ৷ দেৱালত অংকন কৰা সেই চিত্ৰসমূহ ইমামেই মনোমোহা যেন প্ৰত্যেকখন ছবিয়েই আপোনাক কথা কৈ যাব৷ ‘‘টিম লিভিং আৰ্ট’’ নামৰ চিত্ৰশিল্পীৰ দলটোৱে অংকন কৰিছে এই চিত্ৰসমূহ আৰু দলটোৰ নেতৃত্ব বহন কৰিছে নীলিম মহন্তই৷

প্ৰায় ২০ জন চিত্ৰশিল্পীৰ এমাহজোৰা নিৰন্তৰ প্ৰচেষ্টাৰ অন্তত বৰ্তমান এখন-এখনকৈ এই ছবিসমূহে প্ৰাণ পাই উঠিছে৷ ছবিসমূহ একোটা থিম লৈ তেওঁলোকে অংকন কৰিছে, দেৱালৰ এফালে যদি আপুনি চায় দেখিব, UNITY OF DIVERSITY য’ত ভাৰতৰ প্ৰত্যেকখন ৰাজ্যৰ মূল কৃষ্টি-সংস্কৃতিসমূহ উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে, আনফালে আকৌ অসমৰ লোক-সংস্কৃতি লগতে ৰাষ্ট্ৰীয় উদ্যানকেইখনৰ বন্য জীৱ-জন্তুসমূহ অংকন কৰিছে৷

আৰু পঢ়কঃ ‘এতিয়া যোৱাৰ সময়’! দুৰ্ঘটনাত মৃত্যুৰ পূৰ্বে দিয়া মোহময়ী মডেলৰ ইনষ্টাগ্ৰাম পোষ্ট ভাইৰেল

তদুপৰি চিত্ৰশিল্পীৰ দলটোৱে TRANS GENDER সম্প্ৰদায়ৰ সংবিধানপ্ৰদত্ত অধিকাৰসমূহো উপস্থাপন কৰিছে, কাৰণ এই অধিকাৰ মাজে-সময়ে খৰ্ব হোৱাৰ বাতৰি প্ৰায়েই শুনিবলৈ পোৱা যায়, যাতে তেওঁলোকৰ বাবে অধিকাৰসমূহ সদায় সুৰক্ষিত হৈ থাকে৷ নিশা যি সময়ত মানুহ শুবলৈ লয়, সেই সময়ত শিল্পীৰ দলটো ওলাই আহে চিত্ৰ অংকন কৰিবলৈ৷ দলটোৱে ৰাইজলৈ এটাই অনুৰোধ জনাইছে, ‘‘বহুত কষ্ট কৰি ছবিসমূহ আঁকিছো, বহুকেইটা উজাগৰী নিশা সাক্ষী হৈ আছে ছবিকেইখনৰ সৈতে, হাতযোৰ কৰি কৈছো ইযাত পিক্ নেপেলাব৷

ইয়াত পিক্ পেলোৱা মানে আপুনি অসমৰ লোক-সংস্কৃতিৰ ওপৰত পিক্ পেলোৱা একে কথা৷’’ দলটোত থকা আন সদস্যসমূহ ক্ৰমে- অংশুমান, নাৰায়ন নেওঁগ, নকুল, মিনু পাটিৰ, দেৱযানী হাজৰিকা, নিবিড় বড়া, মিফতাহুল ৰহমান, কুইন তালুকদাৰ, ভাস্বতী বৰা, সৃষ্টি সিনহা, অক্ষনীল মহন্ত, নিৰঞ্জন নায়ক, সমীৰণ, চিৰঞ্জিত ভৌমিক, তেজ গগৈ, সমজ্জুল শইকীয়া, জ্যোৰ্তিময় দেৱনাথ, গীতাঞ্জলি বায়ন, পূজাশ্ৰী৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular