spot_img
16 C
Guwahati
16 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeআঞ্চলিকবাৰ্থডে’ পাৰ্টী কৰি ৯জনক আঘাতপ্ৰাপ্ত কৰা কোন এই মাতাল যুৱতী ?

বাৰ্থডে’ পাৰ্টী কৰি ৯জনক আঘাতপ্ৰাপ্ত কৰা কোন এই মাতাল যুৱতী ?

গুৱাহাটী: মহানগৰীত শুকুৰবাৰে নিশা সুৰামত্ত যুৱতীৰ তাণ্ডৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ লোকনিৰ্মাণ বিভাগৰ ৮জনকৈ শ্ৰমিকক খুন্দিওৱাৰ ফলত গুৰুতৰভাৱে আহত হয় শ্ৰমিককেইজন৷ লগতে গুৰুতৰভাৱে আহত হয় আন এজন লোক৷ দুৰ্ঘটনা সংঘটিত কৰা যুৱতীগৰাকী মহানগৰীৰ ‘অজন্তা পথ’ৰ ৰাজকন্যা বৰুৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷

পেছাত ইভেণ্ট মেনেজমেণ্টৰ সৈতে জড়িত আছিল যুৱতীগৰাকী৷ শুকুৰবাৰে ‘হোটেল ভিভাণ্টা’ত বাৰ্থ ডে’ পাৰ্টী কৰি নিশা প্ৰায় ১.৪৫বজাত গৃহ অভিমুখে গৈ থকা অৱস্থাত ৰুক্মিণী গাঁৱৰ কালভাৰ্টৰ সমীপত তীব্ৰবেগত অন্য এখন বাহনত খুন্দা মাৰে৷

যুৱতীগৰাকীৰ গাড়ীৰ খুন্দাত আহত ৮জনক সংকটজনক অৱস্থাত জিএমচিএইচত ভৰ্তি কৰায়৷ দুৰ্ঘটনাত পদপথত থকা এজন অচিনাক্ত লোকৰ গাড়ীৰ খুন্দাত ভৰি ছিগি যোৱাৰ লগতে মূৰত আঘাত পোৱা ‘TATA ACE’ৰ চালক ইমৰান চৌধুৰীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে৷

ইপিনে দুৰ্ঘটনাৰ পাছত কৰ্তব্যৰত আৰক্ষীক অসভ্যালী কৰাৰ লগতে কামত বাধা দিছিল যুৱতীগৰাকীয়ে৷ এই ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে 3616/2021ৰ অধীনত ভাৰতীয় দণ্ডবিধিৰ 279/338/294/353 ধাৰাত নিজাববীয়া গোচৰ ৰুজু কৰিছে৷ আৰক্ষীয়ে যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰি হাজিৰ কৰে আদালতত৷ পুৱা থানাত সাংবাদিকৰ কেমেৰা ভাঙিবলৈ চেষ্টা সুৰামত্ত যুৱতীগৰাকীৰ৷ ঘটনাস্থলীত দিছপুৰ আৰক্ষীৰ সৈতে তৰ্ক-বিতৰ্কত লিপ্ত হৈ যুৱতীগৰাকীয়ে অশ্লীল ভাষাৰে গালি-গালাজ পাৰে আৰক্ষীক৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular