হেকাৰৰ কৱলত টুইটাৰ! চিকাৰ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিকে ধৰি শীৰ্ষস্থানীয় ব্যক্তি

ৱাশ্বিংটন : হেকাৰৰ কৱলত পৰিল বিশ্বৰ বহুকেইজন শীৰ্ষ নেতা আৰু ব্যক্তি৷ আমেৰিকাৰ কেইবাগৰাকীও নেতাৰ টুইটাৰ একাউণ্ট হেক্ কৰিছে কোনো দুষ্টচক্ৰই৷ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক ওবামাকে ধৰি ধৰ্নাধ্য ব্যক্তি বীল গেইট্‌ছ, কেনি ৱেষ্টৰ একাউণ্ট হেক্ কৰিছে বুলি জানিব পৰা গৈছে৷

আৰু পঢ়িব পাৰিববলিয়া বানে চাৰখাৰ কৰিলে কৃষকৰ সপোন-সম্ভাৱনাক

ইয়াৰ লগতে হেক্ হ’ল কিম কাৰ্ডছিয়ান, এলন মাস্কৰ টুইটাৰ একাউণ্টো৷ আমেৰিকাৰ আগন্তুক ৰাষ্ট্রপতি নিৰ্বাচনৰ সম্ভাব্য প্ৰাৰ্থী জ’ বিডেনৰো একাউণ্ট হেক্ কৰা হৈছে৷ মহামাৰীৰ মাজতে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰস্তুতি তুংগত থকাৰ সময়তে শীৰ্ষস্থানীয় ব্যক্তিৰ একাউণ্ট হেক্‌ হোৱাক লৈ যথেষ্ট চিন্তিত হৈছে টুইটাৰ কৰ্তৃপক্ষ৷

আৰু পঢ়িব পাৰিববিশ্বনাথত ভয়াৱহ পথ দুৰ্ঘটনা! নিহত ২জন

অৱশ্যে ঘটনা সন্দৰ্ভত টুইটাৰ কৰ্তৃপক্ষই তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES