হাজোত আৰক্ষী জোৱানক ড্ৰাগছ মাফিয়াৰ ছুৰীকাঘাত

হাজোঃ হাজোৰ বৰ্ণিত নিশা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষী জোৱান এজনক ড্ৰাগছ মাফিয়াৰ ছুৰীকাঘাত। হাস্পতালৰ বিছনাত তেজেৰে লুতুৰী-পুতুৰী হৈ থকা ব্যক্তিজনৰ নাম ফকৰউদ্দিন আহমেদ। তেওঁ হৈছে এগৰাকী মহানগৰ যান-বাহন শাখাৰ আৰক্ষী কনিষ্টবল।

আৰু পঢ়িব পাৰিব: মালদ্বীপলৈ ভাৰতৰ ৫০০ নিযুত ডলাৰ : বাণিজ্যিক সম্পৰ্ক উন্নত কৰাৰো পদক্ষেপ

হাজোৰ বৰ্ণিৰ ড্ৰাগছ মাফিয়া মকবুল আলীৰ ছুৰীকাঘাতত ধৰাশায়ী আৰক্ষী কনিষ্টবলগৰাকী। ড্ৰাগছ মাফিয়া মকবুল ওৰফে বদনক বিচাৰি হাজো আৰক্ষীয়ে চলাইছিল অভিযান। হাজো আৰক্ষীক মকবুল সন্দৰ্ভত তথ্য যোগান ধৰাৰ অভিযোগ তুলি নিশা এইদৰে অতৰ্কিতে ড্ৰাগছ মাফিয়া বদনে আক্ৰমণ কৰিলে আৰক্ষী কনিষ্টবলজনক।

আৰু পঢ়িব পাৰিব: ফাৰ্মাচীলৈ যোৱা যুৱকক সুৰামত্ত যুৱতীৰ আক্ৰমণ! কাঢ়িলে মোৱাইল

ড্ৰাগছ মাফিয়াৰ ছুৰীকাঘাতত গুৰুতৰভাৱে আহত হোৱা কনিষ্টবল ফকৰুদ্দিনক হাজো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই ঘটনাৰ পাছতে হাজোৰ বৰ্ণিত চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে ফকৰুদ্দিন আহমেদক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES