spot_img
27 C
Guwahati
27 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকবিদ্যুতৰ খুঁটা স্থাপনত বাধা : ক্ষতিগ্ৰস্ত হাজোবাসী

বিদ্যুতৰ খুঁটা স্থাপনত বাধা : ক্ষতিগ্ৰস্ত হাজোবাসী

হাজো : ৰাজ্যত বিদ্যুৎ ব্যৱস্থা উন্নত কৰা তথা সকলো অঞ্চলতে বিদ্যুৎ সংযোগ কৰাৰ চেষ্টাত বাধা আৰোপ একাংশ লোকৰ৷ বিদ্যুতৰ খুঁটাৰ বাবে প্ৰয়োজনীয় স্থান এৰি দিয়াৰ বাবে মান্তি নহয় মাটিৰ মালিক৷ হাজোৰ কুলহাটী বালাদিয়াত পাৱাৰগ্ৰীডৰ ৩৩ হাজাৰ ভল্টৰ বিদ্যুতৰ খুটা পোটাত বাধা প্ৰদান কৰে একাংশ মাটিৰ মালিকে।

বিদ্যুতৰ খুঁটা পুতিবলৈ খন্দা গাত মাৰি দিলে মাটিৰ মালিকে। এই কাৰ্যৰ পাছতে উপায়হীন হৈ ঘটনাস্থলীত উপস্থিত হয় হাজো ৰাজহ চক্ৰ বিষয়া আৰু আৰক্ষী তথা চি আৰু পি এফৰ জোৱান। ৰাজহ চক্ৰ বিষয়াৰ মাটিৰ মালিকক আহ্বান জনাই কয় যে পাৱাৰগ্ৰীডৰ বিদ্যুতৰ খুটা বহুওৱাৰ ক্ষেত্ৰত কোনেও বাধা প্ৰদান কৰিব নোৱাৰিব। এয়া উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ।

একেদৰে পাৱাৰ গ্ৰীডৰ হাজো চাৰ্কোলৰ জি এমৰ মন্তব্য হাজোৰ কুলহাটী মূল চাব ষ্টেচনৰ পৰা ৰামদিয়া চাব ষ্টেচনলৈ যাবলগীয়া বিদ্যুতৰ এই কামটো কুলহাটীৰ বালাদিয়াত বিগত ডেৰ বছৰে বন্ধ হৈ থকাত কামটো সম্পূৰ্ণ কৰিব পৰা নাই । ফলত প্ৰয়োজনীয় বিদ্যুৎ লাভৰ ক্ষেত্ৰত ক্ষতিগ্ৰস্ত হৈছে হাজোবাসী।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular