spot_img
24.4 C
Guwahati
Monday, September 20, 2021
spot_img
Homeমনোৰঞ্জনবিপদত হানী সিং! ঘৰুৱা হিংসাৰ অভিযোগ লৈ আদালতত পত্নী

বিপদত হানী সিং! ঘৰুৱা হিংসাৰ অভিযোগ লৈ আদালতত পত্নী

নতুন দিল্লী : জনপ্ৰিয়তা আৰু বিতৰ্ক দুয়োটাৰে কেন্দ্ৰবিন্দুত থকা তাৰকাসকলৰ ভিতৰত সংগীতশিল্পী হানী সিং অন্যতম। দেশৰ সংগীত জগতত এসময়ত খলকনি তোলা হানী সিঙে বিভিন্ন বিতৰ্কতো সাঙোৰ খাই আহিছে। এইবাৰ তেওঁ পুনৰ বিপদত পৰাৰ আশংকাই দেখা দিছে। এইবাৰ তেওঁৰ বিৰুদ্ধে গোচৰ তৰিছে খোদ পত্নীয়ে। তাৰকা গায়কজনে পত্নীক শাৰীৰিক, মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগেৰে পত্নী শালিনী তলৱাৰে তেওঁৰ বিৰুদ্ধে ঘৰুৱা হিংসা আৰু বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰিছে।

তেওঁ দিল্লীৰ তিছ হাজাৰী আদালতত ‘ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন’ৰ অধীনত গোচৰ ৰুজু কৰিছে। ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইনৰ অধীনত তেওঁৰ পত্নী শালিনী তলৱাৰে দাখিল কৰা গোচৰ সন্দৰ্ভত দিল্লীৰ তিছ হাজাৰী আদালতে গায়কগৰাকীলৈ জাননী জাৰি কৰিছে। তিছ হাজাৰী আদালতৰ মুখ্য মেট্ৰ’পলিটান মেজিষ্ট্ৰেট তানিয়া সিঙে হানী সিঙলৈ জাননী জাৰি কৰিছিল আৰু ২৮ আগষ্টত গোচৰটোৰ শুনানিৰ দিন ধাৰ্য কৰিছে। উল্লেখ্য যে, হানী সিঙৰ বিৰুদ্ধে তেওঁৰ পত্নীয়ে শাৰীৰিক, মানসিক, যৌন, নিৰ্যাতন চলোৱাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ তাৰকাগৰাকীৰ বিৰুদ্ধে আৰ্থিক শোষণৰো অভিযোগ আনিছে।

তেওঁ হানী সিঙৰ পৰা ২০কোটি টকাৰ ক্ষতিপূৰণ বিচাৰিও আদালতত আবেদন জনাইছে। এই অভিযোগৰ আধাৰতে আদালতে এক অন্তৱৰ্তীকালীন আদেশ দিয়ে, য’ত হানী সিং আৰু পত্নীৰ নামত যুটীয়াভাৱে থকা সম্পত্তি বিক্ৰী কৰাত তেওঁক বাধা দিয়া হৈছে। হানী সিঙে শালিনীৰ ওপৰত বিভিন্ন সময়ত নিৰ্যাতন চলোৱা বুলি অভিযোগ কৰিছে। এই সম্পৰ্কত তাৰকাগৰাকীৰ কোনো প্ৰতিক্ৰিয়া এতিয়ালৈ জানিব পৰা হোৱা নাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
clear sky
24.4 ° C
24.4 °
24.4 °
92 %
1.1kmh
6 %
Tue
30 °
Wed
27 °
Thu
30 °
Fri
32 °
Sat
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular