spot_img
25 C
Guwahati
25 C
Guwahati
মঙলবাৰ, অক্টোবৰ 19, 2021
Homeৰাষ্ট্ৰীয়মাতৃৰ জন্মদিনতো কাৰাগাৰতে থাকিল বাদশ্বাহ তনয়, কেনেকৈ কটাইছে সময়?

মাতৃৰ জন্মদিনতো কাৰাগাৰতে থাকিল বাদশ্বাহ তনয়, কেনেকৈ কটাইছে সময়?

ডিজিটেল ডেস্ক : আজি মাতৃৰ জন্মদিন। সকলো ঠিকে থকা হ’লে ধুমধামেৰে উদযাপন কৰা হ’লহেঁতেন এই দিনটো। বলীউডৰ বাদশ্বাহৰ বেগমৰ জন্মদিন জানো সাধাৰণ কথা? পিছে সেয়া নহ’ল। গৌৰী খানৰ ৫১ বছৰীয়া জন্মদিনৰ দিনটোতো আন্ধাৰ হৈ থাকিল ‘মন্নত’। গৌৰীৰ জন্মদিনৰ আনন্দ আলোক উজলি নুঠিল বাদশ্বাহৰ প্ৰাসাদত। কিয়নো তেওঁলোকৰ মৰমৰ পুত্ৰ এতিয়া কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত বন্দী হৈ আছে। ২অক্টোবৰত এনচিবি অৰ্থাৎ নাৰ্কোটিকছ কণ্ট্ৰোল ব্যুৰো-এ আটক কৰাৰ পাছত গ্ৰেপ্তাৰ কৰা হৈছিল আৰিয়ান খানক। অভিযোগ গুৰুতৰ।

তেওঁ প্ৰমোদ তৰীত ড্ৰাগছ পাৰ্টীত অংশ লোৱাৰ লগতে আন এজন সতীৰ্থ ড্ৰাগছৰ যোগানো হেনো ধৰিছিল। এনচিবি-এ এই তথ্য দিছে আদালতত। যাৰবাবে বাৰে বাৰে প্ৰত্যাখ্যান কৰা হৈছে তেওঁৰ জামিন আবেদন। তেওঁ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। বৃহস্পতিবাৰে তেওঁৰ কাৰাদণ্ড বিহিছিল আদালতে। পিছে আশা কৰা হৈছিল যে জামিন লাভ কৰিব আৰিয়ানে। পিছে সেয়া নহ’ল।


শুকুৰবাৰে পুনৰ জামিন আবেদন কৰি আদালতত বিমুখ হ’ল অৰিয়ান খানৰ অধিবক্তা। সেয়েহে মুম্বাইৰ আৰ্থাৰ ৰোডৰ অন্ধকাৰ কুঠৰীয়েই হৈ পৰিল আৰিয়ান খানৰ আশ্ৰয়। মাতৃৰ জন্মদিনৰ দিনাও ঘৰ অন্ধকাৰ কৰি কাৰাগাৰত পৰি থাকিল বাদশ্বাহ-গৌৰীৰ প্ৰথম সন্তান। যদিহে আজি আৰিয়ানে জামিন লাভ কৰিলেহেঁতেন তেন্তে সেয়া মাতৃ গৌৰীৰ কাৰণে হয়তো হ’লহেঁতেন জন্মদিনৰ আটাইতকৈ ডাঙৰ উপহাৰ। কিন্তু তেনে হ’বলৈ নিদিলে আদালতৰ ৰায়ে।


এতিয়া মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত এক অভাৱনীয় জীৱন কটাব লাগিব বাদশ্বাহ পুত্ৰই। কোনো সহানুভূতি, বিশেষ সুবিধা অবিহনেই তেওঁ পাৰ কৰিব লাগিব সময়। পুৱা ৬বজাতে উঠি আন কয়দীৰ দৰেই তেৱোঁ হাজিৰা দিব লাগিব। খাব লাগিব জে’লত যোগান ধৰা সাধাৰণ খাদ্য। জানিব পৰা মতে তেওঁক ঘৰৰ পৰা নিয়া আহাৰ যোগানৰ সুবিধা দিয়া হোৱা নাই। আন অভিযুক্ত বা অপৰাধীৰ দৰেই তেওঁ পালন কৰিব লাগিব কাৰাগাৰৰ নিয়ম। ইয়াতকৈ ডাঙৰ দুৰ্যোগ শ্বাহৰুখ-গৌৰীৰ কাৰণে আৰু কিবা হ’ ব পাৰে জানো?


জানিব পৰা মতে বিভিন্ন দুৰ্ধৰ্ষ অপৰাধীৰ ঠিকনা আৰ্থাৰ ৰোড কাৰাগাৰৰ ১নং বেৰেকত ৰঙা হ’ব শ্বাহৰুখ তনয়ক। জে’লখনৰ প্ৰথম মহলাত এই বিশেষ কোৱাৰেণ্টাইন কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। য’ত আৰিয়ানসহ আনসকলক ৫ দিন কোৱাৰেণ্টাইনত ৰঙা হ’ব। তেওঁকে ধৰি এনচিবি-এ গ্ৰেপ্তাৰ কৰা আন আঠজনৰ পুৰুষকেইজনক আৰ্থাৰ ৰোড জে’লত ৰখাৰ লগতে যুৱতীকেইগৰাকীক বায়কুল্লা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular