spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeক্ৰীড়াবিমানবন্দৰত হাৰ্দিকৰ লটি-ঘটি, ৫কোটিৰ এটা ঘড়ীয়ে লগাইছে তোলপাৰ

বিমানবন্দৰত হাৰ্দিকৰ লটি-ঘটি, ৫কোটিৰ এটা ঘড়ীয়ে লগাইছে তোলপাৰ

নতুন দিল্লীঃ বিতৰ্কই লগ এৰা নাই হাৰ্দিক পাণ্ডিয়াক। কিছুদিন পূৰ্বে ৰেহনুমা ভাটি নামৰ এগৰাকী মহিলাই হাৰ্দিক পাণ্ডিয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। সেই ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই এইবাৰ বিমানবন্দৰত লটি-ঘটি হাৰ্দিক পাণ্ডিয়াৰ। কেইবাটাও ভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, ৫ কোটি টকাৰ দুটা ঘড়ী হাৰ্দিক পাণ্ডিয়াৰ পৰা জব্দ কৰা বুলি প্ৰকাশ পাইছিল। বিশ্বকাপৰ পাছত ঘৰলৈ উভতা পথত ভাৰতীয় অলৰাউণ্ডাৰজনক বিমানবন্দৰত কৰা হৈছিল সোধা-পোছা।

৫ কোটি টকাৰ দুটাকৈ ঘড়ী বিমানবন্দৰ কৰ্তৃপক্ষই জব্দ কৰা বুলি ওলাইছিল হনুবাৰ্তা। এই সংবাদক কেন্দ্ৰ কৰি মুখ খুলিছে হাৰ্দিক পাণ্ডিয়াই। বিমানবন্দৰৰ আয়কৰ বিভাগে ৫ কোটি টকাৰ ঘড়ী জব্দ কৰা বাতৰি শুদ্ধ নহয় বুলি দাবী কৰিছে পাণ্ডিয়াই। এক টুইটযোগে হাৰ্দিক পাণ্ডিয়াই উক্ত বাতৰিটো ভুৱা বুলি দাবী কৰি কয়, ‘মই নিজেই মুম্বাই বিমানবন্দৰৰ আয়কৰ বিভাগৰ ওচৰলৈ যাব বিচাৰো আৰু ডুবাইৰ পৰা ক্ৰয় কৰা ঘড়ীৰ ওপৰত কৰ পৰিশোধ কৰিব বিচাৰো। নিয়ম অনুসৰিয়েই মই ঘড়ীটো ক্ৰয় কৰিছো। বিচৰা মতেই সকলো কাগজ পত্ৰ জমা দিছো। তথাপি, মূল্য নিৰ্ধাৰণৰ বাবে মোৰ ঘড়ীটো ৰাখিছিল বিষয়াসকলে । ঘড়ীটোৰ মূল্য ১.৫ কোটি টকা, ৫ কোটি নহয়। মোৰ পৰা দুটা ঘড়ী জব্দ কৰা খবৰটো ভুৱা।’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular